এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰম্ভ কৰিছে কুটিল ৰাজনীতি । বৃহস্পতিবাৰে শিলচৰলৈ তৃণমূল কংগ্ৰেছৰ আঠজনীয়া মন্ত্ৰী আৰু সাংসদ-বিধায়কৰ প্ৰতিনিধি দল পঠিয়াই ৰাজনৈতিক মুনাফা আদায়ৰ ব্যৰ্থ চেষ্টাৰ পিছৰে পৰাই অসমত জ্বলিছে প্ৰতিবাদৰ জুই ।
বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে সন্ধিয়া ধুবুৰী সচেতন মঞ্চৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । শ শ ৰাইজে হাতে হাতে মমবাতি লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সন্মুখৰ পৰা মৌন সমদল উলিয়াই ধুবুৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
- Log in to post comments
- 9 views