লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত স্থানীয় বন্ধ

bhot

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অসমৰ বিভিন্ন জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ।'এনআই এক্ট'ৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা।১১ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত অসমৰ ১২ খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,সকলো শিক্ষানুষ্ঠান, বেংকসমূহ।বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।সেইদিনা বিশ্বনাথ, চৰাইদেউ, যোৰহাট,ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ,মাজুলী, নগাঁও, শিৱসাগৰ,শোণিতপুৰ আৰু তিনিচুকীয়াত বন্ধ ঘোষণা কৰা হৈছে।১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।সেইদিনা কাছাৰ, দৰং, ডিমা হাছাও,হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং,মৰিগাঁও, নগাঁও, নলবাৰী, ওদালগুৰিত বন্ধ ঘোষণা কৰা হৈছে।পশ্চিম কাৰ্বি আংলঙতো স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।সেইদিনা বাক্সা, বৰপেটা, কামৰূপ,বঙাইগাঁও, চিৰাং, গোৱালপাৰা, দক্ষিণ শালমাৰা,কামৰূপ (মহানগৰ), কোকৰাঝাৰ, ধুবুৰীত বন্ধ ঘোষণা কৰা হৈছে।

Your Comments