তামুলপুৰত গ্ৰাম্য বিকাশ মন গঠন 

তামুলপুৰত গ্ৰাম্য বিকাশ মন গঠন 

বিটিচিৰ ২৭ নম্বৰ নাগ্ৰীজুলি সমষ্টিৰ কেইবাগৰাকীও কৰ্মঠ, সমাজহিতৈষী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১ আগষ্টত গঠন কৰা হয় গ্ৰাম্য বিকাশ মন নামৰ ১০১জনীয়া এটা বেচৰকাৰী সংস্থা। সেই উপলক্ষে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত গোপাল আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিপিএফ নেতা আলাউদ্দিন আহমেদে । উদ্দেশ্য ব্যাখ্যাত তেওঁ সংস্থাটোৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাৰ লগতে নিয়োগৰ ব্যৱস্থা কৰা, কৃষি ক্ষেত্ৰত বিশেষভাৱে সংস্থাটোক জড়িত কৰাই ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ জৰিয়তে বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিকাৰ্য চলাই নিয়া, সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰা আদিকে ধৰি কেইবাটাও লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সংস্থাটো জন্ম দিয়া বুলি সদৰী কৰে ।

সভাত হিতেশ তালুকদাৰ, পূৰ্ণ ছেত্ৰী, গৌতম হালৈ, যতীন চৰকাৰ, মিৰজান আলী, ভক্ত বাহাদুৰ লিম্বু, মণিকা বড়ো, কৃষ্ণ টীকাদাৰ আদিয়ে বেচৰকাৰী সংস্থাটো গঠন কৰাৰ সপক্ষে বক্তব্য ৰাখে । ইফালে সভাখনত উপস্থিত থাকি ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে কয় যে বেচৰকাৰী সংস্থাই একাগ্রতাৰে কাম কৰিলে সমাজৰ উন্নয়নৰ বাবে যথেষ্ট কৰিব পাৰে । মাথোঁ সংস্থাটোৰ সদস্যসকলে ইতিবাচক দৃষ্টিভঙ্গীৰে কাম কৰি যাব লাগিব । সদস্যসকলৰ মন মিলিব লাগিব ।

এই বেচৰকাৰী সংস্থাটো আগবঢ়াই নিয়াত সহযোগিতা আগবঢ়াই যাব বুলিও বিধায়কগৰাকীয়ে আশ্বাস প্ৰদান কৰে । নৱগঠিত এই সংস্থাটোৱে আন আন কামৰ লগতে বৃহত্তৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলটোত হস্তী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবেও কাম কৰি যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে । সভাখনত  জোন দাসক সভাপতি আৰু বিষ্ণু মুৰ্মুক সাধাৰণ সম্পাদক হিচাপে লৈ গ্ৰাম্য বিকাশ মন নামৰ বেচৰকাৰী সংস্থাটো গঠন কৰা হয় । অৱশ্যে উক্ত সভাতেই উচ্চ ক্ষমতাসম্পন্ন এখন সাতজনীয়া সমিতিও সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় ।

Your Comments