বানবিধ্বস্ত মথাউৰি নিৰ্মাণ মৰ্কজুল মা-আৰিফৰ

বানবিধ্বস্ত মথাউৰি নিৰ্মাণ মৰ্কজুল মা-আৰিফৰ

এমাহ পূৰ্বে যমুনাৰ ভয়াৱহ বানে উটুৱাই নিয়া হোজাই সমষ্টিৰ হিন্দু ব্লক পঞ্চায়তৰ নাম ডবকা গাঁৱত যমুনা নদীৰ বিধ্বস্ত মথাউৰি মেৰামতি কৰি দিলে হোজাইৰ সামাজিক সংস্থা মৰ্কজুল মা-আৰিফে ৷ যমুনাৰ ভয়াৱহ বানে হোজাই ৰাজহ চক্ৰৰ নাম ডবকা গাঁৱত মথাউৰি উটুৱাই নিয়াত নিমিষতে বানত ডুব গৈছিল কুৰিখনৰো অধিক গাঁও ৷ বানপানীৰ কৱলত পৰিছিল ২০খন গাঁৱৰ কে'বাশ বিঘা খেতিপথাৰ, ঘৰ-বাৰী ৷ বিধ্বস্ত হৈ পৰিছিল ৰাস্তা-ঘাট ৷

বানবিধ্বস্ত মথাউৰি নিৰ্মাণ মৰ্কজুল মা-আৰিফৰ

তেনে এক সময়তে চৰকাৰৰ লগতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ নিষ্ক্ৰিয়তাৰ সময়ত বানবিধ্বস্ত গঞাৰ কাষত থিয় দিলে হোজাইৰ সমাজসেৱী সংস্থাটোৱে ৷ যোৱা ঈদ-উল-ফিতৰৰ আগদিনা যমুনাৰ বানে নাম ডবকা গাঁৱত যমুনা মথাউৰি উটুৱাই নিয়াৰ ফলত গাঁওখনৰ ৰাইজৰ ঈদৰ আনন্দ নিমিষতে বিষাদত পৰিণত হয় ৷ ঠিক সেই সময়ত গাঁওবাসীৰ কাষত থিয় দিয়ে হোজাইৰ মৰ্কজুল মা-আৰিফ কৰ্তৃপক্ষ ৷ আজমল সামাজিক সংস্থাৰ অন্যতম ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত মৰ্কজুল মা-আৰিফ কৰ্তৃপক্ষই নিজা খৰচেৰে বানে ছিঙি নিয়া মথাউৰি নিৰ্মাণ কৰি দিয়াত গাঁওবাসীৰ মুখত হাঁহি বিৰিঙিছে ৷

আজি হোজাইৰ ৰাজহ চক্ৰ বিষয়া মৃদুস্মিতা বৰাই মৰ্কজুলে মেৰামতি কৰি দিয়া মথাউৰিৰ ফিটা কাটি উদ্বোধন কৰে ৷ নতুনকৈ মেৰামতি কৰি দিয়া মথাউৰিৰ শুভউদ্বোধনত উপস্থিত থাকে মৰ্কজুল মা-আৰিফৰ কাৰ্যকৰী সভাপতি চামচুল হক চৌধুৰী, সাধাৰণ সম্পাদক খলিলুৰ ৰহমান, এআইইউডিএফ দলৰ হোজাই জিলাৰ নেতা আব্দুল হাই মীৰ, ফখৰউদ্দিন, আজিৰউদ্দিনসহ স্থানীয় বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

হোজাইৰ ৰাজহ চক্ৰ বিষয়া মৃদুস্মিতা বৰাই হোজাইৰ সামাজিক সংস্থাটোৰ এই কামত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমাজসেৱাৰ বাবে এনেদৰে আগবাঢ়ি অহাত চক্ৰ বিষয়াগৰাকীয়ে শলাগ লয় ৷ স্থানীয় নাগৰিক আব্দুল হাই মীৰে হোজাইৰ মৰ্কজুল মা-আৰিফৰ এই বদান্যতাক আদৰণি জনায় ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে হোজাইৰ সামাজিক সংস্থাটোৱে আগবাঢ়ি আহি মথাউৰিটো মেৰামতি কৰি দিয়াত সমাগত বানৰ পৰা কুৰিখন গাঁও ৰক্ষা পৰিল ৷

Your Comments