কলিয়াবৰত লেখিকা সমাৰোহ সমিতিৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন সফল সমাপ্তি

koliabor_

সদৌ অসম লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ জিলা পৰিষদৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। দুপৰীয়া এক বজাৰপৰা আৰম্ভ হোৱা মকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আভা বৰাই। সভাত সমাৰোহ সমিতিৰ মুখপত্ৰ 'অঞ্জলি' উন্মোচন কৰে বিশিষ্ট লেখক তথা কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণিন হাজৰিকাই।

মামণি বৰুৱা বৰাৰ 'অনুভৱৰ ডেউকা মেলি' গল্প পুথি উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহৰ যুটীয়া সম্পাদিকা থুনু কলিতাই। সভাত কলিয়াবৰ শাখা সাহিত্য সভাৰ সম্পাদক নবীন বৰঠাকুৰ, প্ৰাক্তন সভাপতি কুসুম বৰা, সভাপতি অৰবিন্দ বৰগোহাঞিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে। কলিয়াবৰ জিলা পৰিষদৰ সম্পাদিকা সুবৰ্ণলতা মহন্ত বৰাই আঁত ধৰা সভাখনৰ সভাপতিত্ব কৰে জিলা পৰিষদৰ সভানেত্ৰী পুষ্পলতা শইকীয়াই।

কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুষ্পলতা শইকীয়াই পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰমম্ভ কৰা কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ কৰে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ খগেন শৰ্মাই। শনিবাৰে হৈ যোৱা প্ৰতিনিধি সভাত ৰেখা দেৱীক সভানেত্ৰী আৰু ৰাণু নেওগক সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰে।

Your Comments