গোলাঘাটত আৰম্ভ পূব মণ্ডল চাব জুনিয়ৰ বক্সিং

golaghat

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
প্ৰথমবাৰৰ বাবে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ অন্তৰ্গত গোলাঘাট জিলা এমেচাৰ বক্সিং এছ'ছচিয়েচনৰ উদ্যোগত অনুষ্ঠিত হৈছে পূব মণ্ডল চাব জুনিয়ৰ (ল'ৰা-ছোৱালী) বক্সিং প্ৰতিযোগিতা। উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে বক্সিং ফেডাৰেচন অব ইণ্ডিয়াৰ কোষাধ্যক্ষ হেমন্ত কুমাৰ কলিতা, পূব মণ্ডল আৰু বেংগল এমেচাৰ বক্সিং ফেডাৰেশ্যনৰ সভাপতি অচিত বেনাৰ্জী, অসম এমেচাৰ বক্সিং এছ'চিয়েচনৰ সভাপতি কালিকান্ত বড়ো আৰু গোলাঘাট জিলা এমেচাৰ বক্সিং এছ'চিয়েচনৰ সভাপতি দীপজ্যোতি সন্দিকৈয়ে।

ইয়াৰ লগতে গোলাঘাটৰ সমাজ জীৱনত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাই উদ্যোক্তা কমিটীৰ হৈ কালিকান্ত বড়ো, বিতোপণ শইকীয়া, দীপজ্যোতি সন্দিকৈ, পৰেশ গগৈ আদিয়ে। উদ্ধোধনী অনুষ্ঠানৰ অংশ হিচাপে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান উপস্থিতসকলো খেলুৱৈ তথা ক্ৰীড়াপ্ৰেমী ৰাইজক উৎফুল্লিত কৰে।

Your Comments