তামুলপুৰত ফুটবল প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি 

তামুলপুৰত ফুটবল প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি 

শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, গোর্খা উন্নয়ন পৰিষদ, হাজং উন্নয়ন পৰিষদ, আদিবাসী উন্নয়ন পৰিষদ, নাথ-যোগী উন্নয়ন পৰিষদ আৰু মদাহী উন্নয়ন পৰিষদৰ উদ্যোগত ১৩ জুলাইৰ পৰা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত অনুষ্ঠিত ফুটবল প্ৰশিক্ষণ কৰ্মশালাৰ ১ আগষ্টত সামৰণি পৰে । সেই উপলক্ষে কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানত শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ দীপক ডেকা, গোর্খা উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ লোকনাথ উপাধ্যায়, আদিবাসী উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ ৰাফেল কুজুৰ, হাজং উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ সঞ্জীৱ হাজং, মদাহী উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ মকুন্দ মদাহী,

বিটিচিৰ এম চি এল এ বিজিৎ গৌড়া নাৰ্জাৰী, তামুলপুৰ ৰাজহ চক্ৰ বিষয়া আদিত্য গগৈ, সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ১৪ বছৰ আৰু ১৯ বছৰ অনূৰ্ধ্বৰ এই দুটা শাখাৰ বাবে আয়োজন কৰা উক্ত প্ৰশিক্ষণ কৰ্মশালাত ছয়টা জনগোষ্ঠীৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । প্ৰশিক্ষণ আগবঢ়ায় ক্ৰমে দেবেন দাস, গুলজাৰিলাল পাঠক, মহাবীৰ এক্কা, কমলেশ্বৰ কলিতা, চন্দ্ৰ মুছাহাৰী, বাবুল খাখলাৰী আৰু এলেন নাৰ্জাৰীয়ে । ইপিনে ছয়টা জনগোষ্ঠীৰ মাজত দুটা শাখাত অনুষ্ঠিত ফুটবল লীগ প্ৰতিযোগিতাৰ চূড়ান্ত খেল দুখনো উক্ত দিনা অনুষ্ঠিত হয় ।

Your Comments