মৰিগাঁৱত মমতাৰ প্ৰতিকৃতি দাহ

mamata

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অপব্যাখ্যাৰে অসমৰ শান্তি বিঘ্নিত কৰিব খোজা তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ শুকুৰবাৰে মৰিগাঁৱত প্ৰতিকৃতি দাহ কৰে তিনিটাকৈ জাতীয় সংগঠনে । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, খিলঞ্জীয়া সুৰক্ষা সমিতি আৰু আলফাৰ ছহিদ ঐক্যমঞ্চই এই কাৰ্যসূচী পালন কৰে |

তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবঙ্গৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এন আৰ চিক লৈ অতি সস্তীয়া ৰাজনীতিৰে অসমত অপপ্ৰচাৰৰ জৰিয়তে অশান্তি বিয়পোৱাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে তাক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও সংগঠনকেইটাই লগতে হুংকাৰ দিয়ে ৷ অসম জ্বলাবলৈ বিচৰা অপশক্তিসমূহক কঠোৰ হাতেৰে দমনৰ বাবে প্ৰশাসনক আহ্বান জনায় সংগঠনকেইটাই ।

খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সম্পাদক সুৰেশ দাস, প্ৰাক্তন সভাপতি বিশ্ব ৰাজভৰ, যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিকৰ সভাপতি পাৰ্থপ্ৰতিম গৌতম, সম্পাদক ললিত দাস, জিলা সমিতিৰ প্ৰাক্তন সম্পাদক মিণ্টু নাথ, দ্বীপ বৈশ্য, আলফাৰ ছহিদ ঐক্যমঞ্চৰ সভাপতি লাচিত ডেকা প্ৰমুখ্যে অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে ইয়াত অংশগ্ৰহণ কৰে ।

Your Comments