স্বচ্ছ সৰ্বেক্ষণৰ কাৰ্যসূচীৰ সময়তে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয় কদৰ্য ৰূপ

স্বচ্ছ সৰ্বেক্ষণৰ কাৰ্যসূচীৰ সময়তে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয় কদৰ্য ৰূপ

ৰাজ্যৰ ভিন্ন অঞ্চলৰ লগতে ধুবুৰী জিলাতো আৰম্ভ হল স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ অভিযান । আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা জিলা উপায়ুক্তই স্বচ্ছতাৰ বিশেষ ৰথৰ ফ্লেগ-অফ কৰে ।


কিন্তু স্বচ্ছ ভাৰত অভিযান উপলক্ষে ধুবুৰীত পূৰ্বে এনে বহু কাৰ্যসূচী লোৱা হৈছিল যদিও বাস্তৱত তাৰ ফলাফল শূন্য । ইয়াৰ প্ৰমাণ আজি আমাৰ কেমেৰাত বন্দী হোৱা স্বয়ং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কদৰ্যময় পৰিৱেশৰ ছবি ৷


জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ভিতৰচৰাত ক'ৰবাত যদি লেতেৰা পানী জমা হৈ আছে, আন ক'ৰবাত আকৌ দমে দমে পৰি আছে জাবৰ । দীৰ্ঘ দিনৰে পৰা এইদৰে পৰি আছে জাবৰ আৰু গেলা-পচা আৱৰ্জনা । ফলত দুৰ্গন্ধময় পৰিবেশৰ মাজেৰে কৰ্তব্য পালন কৰিবলগা হৈছে বিষয়া-কৰ্মচাৰীসকলে ।


উল্লেখ্য যে চৰকাৰে স্বচ্ছতাৰ নামত বিভিন্ন আঁচনিৰ জৰিয়তে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি কোটি কোটি টকা খৰচ কৰিছে যদিও কিমানদূৰ সফল হৈছে সেয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এই বাস্তৱ ছবিয়েই প্ৰমাণ কৰিছে ।

Your Comments