"ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰততে অসমে এক নিদৰ্শন দাঙি ধৰিছে । নাগৰিকপঞ্জী উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰত্যেক ৰাজ্যৰ অধিকাৰ আছে । ৰাজ্যত কিমান বিদেশী আৰু স্বদেশী নাগৰিক আছে সেই কথা জনাৰ সকলো ৰাজ্যৰে প্ৰয়োজন আছে ।
গতিকে ভাৰতত প্ৰত্যেকখন ৰাজ্যতে নাগৰিকপঞ্জী উন্নীত হ'ব লাগে ।" আজি সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এইদৰে কয় অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । ৰাজ্যপাল জগদীশ মুখীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছ । সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ এন আৰ চি সম্পৰ্কে পুনৰ কয় যে বৰ্তমানে অসমত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণত কোনো ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰে ।
একেদৰে এন আৰ চিক লৈ অসমৰ পৰিৱেশ সুস্থ হৈ থকাৰ পিছত দেশৰ অন্য প্ৰান্তত এই বিষয়ক লৈ অযথা হৈ-চৈ হোৱা কাৰ্য দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে । কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মুকুল চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰা অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে মাত্ৰ এবছৰৰ ভিতৰতে দেখুওৱা দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে ।
কৰ্মমুখী শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ সমাহাৰ ঘটা বিশ্ববিদ্যালয়খনে অতি সোনকালেই এখন লেখত ল'বলগীয়া বিশ্ববিদ্যালয় হ'ব বুলিও আশা ব্যক্ত কৰে। এটি সুন্দৰ আধ্যাত্মিক সমবেত সংগীতেৰে আৰম্ভ হোৱা ধৰ্মালোচনী সভাত আদৰণি ভাষণ পাঠ কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ তৰুণ চন্দ্ৰ বৰাই । কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ দি কয় যে গুৰু অবিহনে পূৰ্ণ জ্ঞান আহৰণ কৰিব নোৱাৰি । গুৰুহীন লোক এৰাল নোহোৱা গৰুৰ দৰে ।
লগতে কৃষ্ণগুৰু প্ৰভুৰ সপোনৰ এই বিশ্ববিদ্যালয় জাকতজিলিকা কৰিবলৈ সকলোৰে সহযোগিতা লাগিব বুলিও মন্তব্য কৰে । সভাত উপস্থিত থকা নলবাৰী সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক শৰ্মাৰ লগতে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও ভাষণ প্ৰদান কৰে । সভাৰ অন্তত ৰাজ্যপাল জগদীশ মুখীয়ে কৃষ্ণগুৰু সেৱাশ্ৰম পৰিদৰ্শন কৰে ।
- Log in to post comments
- 12 views
