গুৱাহাটীত দুৰ্বৃত্তৰ মুক্ত বিচৰণ:গণেশগুৰিত হত্যাৰ চেষ্টা সাংবাদিকক

chakra

গুৱাহাটীত মহানগৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এটা ভয়ংকৰ ঘটনা।নিশা  ১০বজাত কাৰ্যালয়ৰ চৌহদতে 'নিউজ ১৮ নৰ্থ ইষ্ট'ৰ সাংবাদিক চক্ৰপাণি পৰাশৰক চাৰি চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তই আক্ৰমণ কৰে। আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ মহানগৰীৰ অতি ব্যস্ত অঞ্চল গণেশগুৰিত ।আক্ৰমণত সাংবাদিকজন গুৰুতৰভাৱে আহত হৈ বৰ্তমান দিছপুৰস্থিত জিএনআৰচি মেডিকেলত চিকিৎসাধীন হৈ আছে।উল্লেখ্য যে সাংবাদিকজনৰ আক্ৰমণৰ ঘটনাৰ লগত জড়িত চাৰি দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষীয়ে। সেই অনুসৰি তেওঁলোকক 'এলবাৰ ইটছ' নামৰ ৰেষ্টোৰাঁখনৰ মালিক-কৰ্মচাৰী বুলি জানিব পৰা গৈছে।ঘটনাৰ লগত জড়িত চাৰি দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে।সেই অনুসৰি আক্ৰমণত জড়িত থকা চাৰি দুৰ্বৃত্ত হৈছে ক্ৰমে  ছৈয়দ আলি আহমেদ,নিৰাজ আহমেদ, ভৱেশ দাস আৰু নীতিন শৰ্মা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰেষ্টোৰাঁখনত সাংবাদিক চক্ৰপাণি পৰাশৰ আৰু গৰাকীৰ মাজত সামান্য মতানৈক্যৰ সৃষ্টি হৈছিল।তাৰ পিছতে সন্ধিয়ালৈ ৰেষ্টোৰাঁখনৰ মালিক আৰু কৰ্মচাৰীয়ে  চুৰিৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাই।
আনহাতে এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন। আক্ৰমণকাৰীক অতি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ সকলোৱে দাবী জনাইছে।

Your Comments