নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত আছুৰ কামৰূপ মহানগৰ সমিতিৰ বিক্ষোভ কাৰ্যসূচী

নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত আছুৰ কামৰূপ মহানগৰ সমিতিৰ বিক্ষোভ কাৰ্যসূচী

অসম চৰকাৰৰ মুখ্য মন্ত্ৰীৰ অধীনৰ জনসংযোগ বিভাগ আৰু মন্ত্ৰী নৱ কুমাৰ দলেৰ অধীনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ত নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাৰ আজি সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী। উক্ত কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই আজি কামৰূপ মহানগৰ জিলা সমিতিয়েও মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্যসূচী। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ-সন্থাৰ সদস্যসকলৰ লগতে বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে।

নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত আছুৰ কামৰূপ মহানগৰ সমিতিৰ বিক্ষোভ কাৰ্যসূচী

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি গুৱাহাটী ছাত্ৰ সন্থাৰ দাবী, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ অধীনত থকা জনসংযোগ বিভাগত এতিয়া নিযুক্তিৰ নামত চলিছে দুৰ্নীতি। তাৰ পাছতো মুখ্য মন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱাটো অতি দুখজনক। ইয়াৰ উপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত যি দুৰ্নীতি হৈছে তাৰ উচিত তদন্তৰ বাবে চিবিআইক দায়িত্ব দিয়াৰ দাবী জনায়।

নিযুক্তি কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত আছুৰ কামৰূপ মহানগৰ সমিতিৰ বিক্ষোভ কাৰ্যসূচী

লগতে যদি চৰকাৰৰ সৎ সাহস আছে তেন্তে যিসকলে নিযুক্তি পাইছে সেইসকলৰ নম্বৰ তালিকাখন ৰাজহুৱা কৰিব লাগে বুলি দাবী জনায়। ইয়াৰ উপৰি পৰীক্ষা অনুষ্ঠিত কৰা ব্লুম ইলেক্ট্ৰনিকছৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে বুলিও দাবী জনায়। আনহাতে, যদিহে এই দুয়োটা বিভাগৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে চৰকাৰে উচিত ব্যৱস্থা নলয় তেন্তে অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই আৰু ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ।

Your Comments