শতবৰ্ষী মহাৰাণা ক্লাবৰ উদ্যোগত অনুষ্ঠিত এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

শতবৰ্ষী মহাৰাণা ক্লাৱৰ উদ্যোগত অনুষ্ঠিত  এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

শতবৰ্ষ অতিক্ৰম কৰা মহাৰাণা এথলেটিকছ ক্লাৱৰ উদ্যোগত আয়োজিত এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে । যোৱা ২০ জুলাইৰপৰা মহানগৰীৰ স্প'ৰ্টছ অথ'ৰিটী অৱ ইণ্ডিয়া, চমুকৈ 'ছাই'ৰ খেলপথাৰত আৰম্ভ হৈছিল ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰটো । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশগ্রহণ কৰা শিবিৰটো আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সামৰা হয় । 

অনুষ্ঠানত অংশ লৈ 'ছাই' ৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক সুভাষ বসুমতাৰীয়ে ৰাজ্যৰ চুকে কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহৰ চিনাক্তকৰণত গুৰুত্ব আৰোপ কৰে । বসুমতাৰীয়ে কয়," একেবাৰে তৃণমূল পৰ্যায়তে ক্ৰীড়া প্ৰতিভাসমূহ আমি চিনাক্ত কৰিব লাগিব । লগতে তেওঁলোকক প্ৰয়োজনীয় প্ৰশিক্ষণ তথা অন্যান্য সা-সুবিধা দি আগুৱাই নিব লাগিব ।" এথলেটিকছ প্ৰশিক্ষণৰ আয়োজন কৰাৰ বাবে বসুমতাৰীয়ে মহাৰাণা ক্লাৱৰ উদ্যোক্তাসকলক প্ৰশংসা কৰে । 

শতবৰ্ষী মহাৰাণা ক্লাৱৰ উদ্যোগত অনুষ্ঠিত  এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি
আনহাতে, প্ৰাক্তন উপায়ুক্ত আবছাৰ হাজৰিকাই অনুষ্ঠানত ভাষণ দি অসমত ক্ৰীড়া আন্ত:গাঁথনি পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হোৱা বুলি মন্তব্য কৰে । জিলা পৰ্যায়ৰপৰাই ক্ৰীড়া প্ৰতিভাৰ চিনাক্তকৰণৰ পোষকতা কৰে হাজৰিকাই । তাৎপৰ্যপূৰ্ণভাৱে, অতি মাত্ৰাৰ প্ৰযুক্তিৰ গ্ৰাসত পৰা নতুন প্ৰজন্মক একমাত্ৰ ক্ৰীড়াইহে বচাব বুলিও তেওঁ মত পোষণ কৰে ।

শতবৰ্ষী মহাৰাণা ক্লাৱৰ উদ্যোগত অনুষ্ঠিত  এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি
উল্লেখযোগ্য যে,শিবিৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক একোখন চাৰ্টিফিকেট প্ৰদান কৰা হয় । বিশিষ্ট সাংবাদিক তথা মহাৰাণা ক্লাৱৰ অন্যতম উপ সভাপতি অদীপ ফুকনে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ,সুখ্যাত এথলীট তথা মহাৰাণা ক্লাৱৰ উপ সভাপতি তৈয়বুন নেছা,স্বৰ্ণকন্যা হিমা দাসৰ প্ৰশিক্ষক নৱজিৎ মালাকাৰ, মহাৰাণা ক্লাৱৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে ৰাণা প্ৰতাপ বৰদলৈ আৰু দীপজ্যেতি বৰুৱা আদিয়েও চমু বক্তব্য আগবঢ়ায় ।

 

Your Comments