ব্লগ লিখি কংগ্ৰেছক তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

modi

আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা ব্লগ লিখি কংগ্ৰেছক আক্ৰমণ কৰে।প্ৰধানমন্ত্ৰীয়ে লিখে যে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটোৱে প্ৰমাণ কৰিছিল যে এটা বংশক ৰক্ষা কৰিবলৈ কংগ্ৰেছ কিমান পৰ্যায়লৈ যাব পাৰে।কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰ অতিকৈ দুৰ্নীতিগ্ৰস্ত আছিল বুলি তেওঁ উল্লেখ কৰে।বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ 'ইণ্ডিয়া ফাৰ্ষ্ট ' নীতিৰ অধীনৰ কৰ্মসূচীৰ বাবেই ভাৰত বৰ্তমান বিশ্বৰ পাঁচটা শীৰ্ষ অৰ্থব্যৱস্থাৰ অন্তৰ্ভুক্ত বুলি লিখি প্ৰধানমন্ত্ৰীয়ে নিজৰ চৰকাৰৰ সফলতা ব্যাখ্যা কৰে।

Your Comments