অভয়াপুৰীত নথি-পত্ৰ অবিহনে ছিমকাৰ্ড লবলৈ গৈ আটক বাংলাদেশী নাগৰিক

অভয়াপুৰীত নথি-পত্ৰ অবিহনে ছিমকাৰ্ড লবলৈ গৈ আটক বাংলাদেশী নাগৰিক

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত একাংশ বিদেশীৰ নাম সন্নিৱিষ্ট হোৱা বিষয়টো চৰ্চিত হৈ থকাৰ সময়তে এচাম এজেণ্টে সন্দেহজনক নাগৰিকক মোবাইলৰ ছিমকাৰ্ড যোগান ধৰি ভাৰতীয় সজোৱাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী বাটাবাৰীৰ এটি প্ৰতিষ্ঠানৰ হৈ ছাইফুল ইছলাম নামৰ ব্যৱসায়ীজনে নথি-পত্ৰ অবিহনে বাংলাদেশৰ কুড়িগ্ৰামৰ বাসিন্দা আমিনা খাতুনক এখন ছিমকাৰ্ড যোগান ধৰাৰ প্ৰস্তুতি চলায় ৷ তেনে সময়তে স্থানীয় ৰাইজৰ কথাটো দৃষ্টিগোচৰ হোৱাত বিষয়টোক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মোবাইল ছিমকাৰ্ড যোগান ধৰোঁতা ছাইফুল ইছলাম আৰু বাংলাদেশী নাগৰিকগৰাকীক অভয়াপুৰী আৰক্ষী থানালৈ লৈ যায় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Your Comments