ওদালগুৰি শিক্ষা খণ্ডত ভাৰাতীয়া শিক্ষকেৰে চলিছে পাঠদান

ওদালগুৰি শিক্ষা খণ্ডত ভাৰাতীয়া শিক্ষকেৰে চলিছে পাঠদান

ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ৮৪৭নং ১নং লিচিং প্ৰাথমিক বিদ‍্যালয়খনত এগৰাকী শিক্ষক থকাৰ পিছতো আঠ মাহে ভাৰাতীয়া শিক্ষকেৰে চলাই আছে বিদ‍্যালয়খন । বিদ্যালয়খনৰ ৰঞ্জিত সিং বড়ো নামৰ এগৰাকী শিক্ষকৰ বিপৰীতে ৯জন ছাত্ৰ-ছাত্ৰী আছে যদিও শিক্ষকগৰাকী বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে মাহিলি ২০০০ টকা বেতন দি এগৰাকী স্থানীয় মহিলাকহে পাঠদানৰ দায়িত্ব দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । আনহাতে, বিদ‍্যালয়খনত মধ্যাহ্ন ভোজনৰ কোনো ব‍্যৱস্থা নথকাত ধন আত্মসাৎ কৰাৰো অভিযোগ কৰিছে ৰাইজে ।

school

নিউজ এএছএনৰ প্ৰতিনিধি উপস্থিত হোৱাৰ সময়ত বিদ্যালয়খন বন্ধ থকা পৰিলক্ষিত হয় । বিদ‍্যালয়খনৰ কাৰ্যালয়ত তলা লাগি থকাৰ বিপৰীতে পৰিত্যক্ত বিদ‍্যালয়খনৰ ভিতৰখন গৰু-ছাগলীৰ গড়াললৈ পৰিণত হোৱা দেখা গৈছে । ইপিনে শিক্ষকগৰাকী বিদ‍্যালয়ত উপস্থিত নথকাৰ বিষয়ে জানিব বিচৰাত তেওঁ বিদ‍্যালয়লৈ মাজে-সময়ে অহাৰ কথা স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

লগতে তেওঁ নিজাববীয়াকৈ এগৰাকী মহিলাক নিযুক্তি দিয়াৰ কথাও ব্যক্ত কৰে । কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱনক লৈ হেতালি খেলা শিক্ষকগৰাকীৰ বিৰুদ্ধে শিক্ষা বিভাগ কিম্বা শিক্ষামন্ত্ৰীয়ে অনাগত দিনত কি ব‍্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।
 

Your Comments