প্ৰদেশ কংগ্ৰেছত সভাপতি সলনিৰ কুছকাৱাজ

প্ৰদেশ কংগ্ৰেছত সভাপতি সলনিৰ কুছকাৱাজ !

লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৷  আমাৰ হাতত পৰা তথ্য অনুসৰি আগন্তুক ২০১৯ লোকসভা নিৰ্বাচনৰ আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত ৰিপুণ বৰাৰ স্থানত অন্য ব্যক্তিক স্থলাভিষিক্ত কৰাৰ যো-জা চলিছে প্ৰদেশ কংগ্ৰেছত । অন্য এজন নিকা ভাবমূৰ্তিৰ নেতাক সভাপতিৰ আসনত বহুৱাব বিচাৰিছে হেনো স্বয়ং ৰাহুল গান্ধীয়ে । এই প্ৰক্ৰিয়াৰ অংশ হিচাপেই ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক সলনি কৰি উত্তাৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱাটক দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে ।

প্ৰদেশ কংগ্ৰেছত সভাপতি সলনিৰ কুছকাৱাজ !

দলটোৰ অভ্যন্তৰত চলি থকা এনেধৰণৰ কুচকাৱাজে দলটো যে বৰ্তমানে বহুকেইটা লবীত বিভক্ত হৈ পৰিছে সেই কথা এতিয়া আৰু গোপন হৈ থকা নাই । এনে এক  তৎপৰতাৰেই আৰম্ভ হৈছে বৰ্তমানৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে মুকলি বিষোদগাৰ । মূলতঃ দলটোক  একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কেইবাজনো নেতাই হাইকমাণ্ডক অৱগত কৰিছে ।

বৰাৰ বিৰুদ্ধে দল পৰিচালনাত ব্যৰ্থ হোৱাৰ অভিযোগৰ পৰা ন্যায়ালয়ে দোষমুক্ত বুলি ৰায় দিয়া তিহাৰ জে’লৰ ক’লা অধ্যায়টোলৈকে সকলখিনি সামৰি ধনুত টঙ্কাৰ দিছে দলটোত শেহতীয়াকৈ অসম কংগ্ৰেছত সক্ৰিয় হৈ উঠা বৰাবিৰোধী লবীটোৱে । শেহতীয়াভাৱে ডিব্ৰুগডত অনুষ্ঠিত কংগ্ৰেছ দলৰ  ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাতো এই সম্পৰ্কত চৰ্চা হৈছিল বুলি জানিব পৰা গৈছে ।

প্ৰদেশ কংগ্ৰেছত সভাপতি সলনিৰ কুছকাৱাজ !

প্ৰাপ্ত তথ্যমতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ো এইক্ষেত্ৰত ৰিপুণ বৰাৰ পক্ষত নাই । গগৈৰ উপৰি দলৰ বহুকেইজন জ্যেষ্ঠ নেতাই সভাপতি সলনি হোৱাটো বিচাৰিছে বুলি দলটোৰ ভিতৰচ’ৰাত সৰৱ চৰ্চা চলিছে ৷ এই সম্পৰ্কত ইতিমধ্যে দলৰ এটা অংশই ইমানেই তৎপৰ হৈ পৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ সভাপতিগৰাকী যদি সলনি নহয় তেন্তে নিৰ্বাচনত দলটো পুনৰ বেয়াকৈ মুখথেকেচা খাব লাগিব বুলি দলৰ হাইকমাণ্ডকো পতিয়ন নিয়াবলৈ যত্নপৰ হৈ থকা বুলি জানিব পৰা গৈছে ।

ইফালে নতুন সভাপতি হিচাপে দলটোৰ কোনোজনে প্ৰাক্তন কেন্দ্ৰীয় সভাপতি পৱনসিং ঘাটোৱাৰ নাইবা দলৰ বৰ্তমানৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈৰ নাম চৰ্চালৈ আনিছে যদিও আন একাংশই আকৌ ৰাহুল গান্ধীৰ শেহতীয়াকৈ অতি ঘনিষ্ঠ হোৱা প্ৰক্তন মুখ্য মন্ত্ৰীৰ পুত্ৰ সাংসদ গৌৰৱ গগৈকো প্ৰক্ষেপ কৰিব বিচাৰিছে ৷ কংগ্ৰেছ দলটোৰ বাবে অতি জটিল হিচাপে পৰিগণিত হোৱা এই সময়ছোৱাত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই কাক সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰে তাৰ ওপৰতে হয়তো দলটোৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব ৷

Your Comments