অগপ-বিজেপিৰ মিত্ৰতাক লৈ অসন্তুষ্টি : অগপৰ কেন্দ্ৰীয় সদস্য পদৰ পৰা পদত্যাগ প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ বৰুৱা 

তক্ৰ

অগপ-বিজেপিৰ মিত্ৰতাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যখনতে আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে। দলটোৰ এই মিত্ৰতাক লৈ ভীষণভাৱে অসন্তুষ্ট হৈ পৰিছে দলটোৰ একাংশ প্ৰতিষ্ঠাপক নেতা-কৰ্মী। ইতিমধ্যে দলটোৰ কে'বাগৰাকী প্ৰতিষ্ঠাপক নেতাই মিত্ৰতাক বিৰোধিতা কৰি পদত্যাগ কৰাৰ সময়তে দলটোৰ অন্যতম প্ৰতিষ্ঠাপক আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা পৰা আজি পদত্যাগ কৰিছে।

পদত্যাগ কৰাৰ কথা ঘোষণা কৰি দলটোৰ জ্যেষ্ঠ নেতা বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, "বৰ্তমানৰ অগপৰ নেতৃত্বই অসমীয়া জাতিক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰিছে। বিশেষকৈ তিনি-চাৰিজন নেতাই নিজে প্ৰতিষ্ঠিত হ'বলৈ ব্যস্ত হৈ পৰিছে। অসমৰ ভাষা, সাহিত্য, সংস্কৃতিক এই দলে নিৰাপত্তা দিব নোৱাৰে। আজিৰ এনে সময়ত দলে পুৰ্বৰ মৰ্যদা সম্পূৰ্ণৰূপে নস্যৎ কৰিছে।

দলৰ নেতৃত্বৰ এই কাৰ্যৰ মই প্ৰতিবাদ কৰিছোঁ। সম্পূৰ্ণ নাটকীয়ভাৱে মন্ত্ৰীসভাৰ নিজ নিজ পদৰ পৰা আতৰি থাকি পুণৰাই তেওঁলোক গুৰি গৈ আচলতে অসমৰ জনসাধাৰণৰ নেতৃত্বক প্ৰতাৰণা কৰিছে। সংসদীয় ৰাজনীতিত এনে ঘটনা বিৰল। উল্লেখ্য যে চাৰিবাৰৰ বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই বিগত সময়ত দলটোক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল। আনকি, অগপ দলটো বিভাজনৰ সময়তো সকলো হেঁচাক আওকাণ দলটোক শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল।

এতিয়া দলটোৰ বৰ্তমানৰ নেতৃত্ব‌ই মিত্ৰতা সন্দৰ্ভত হোৱা পৰিস্থিতি উপলব্ধি নকৰি দলটোক ঐক্যবদ্ধ কৰি ৰখাত গুৰুত্ব প্ৰদান কৰা নাই বুলিও বৰুৱাই বিস্ফোৰক মন্তব্য কৰে। ইপিনে, মিত্ৰতাৰ অন্যতম মুল হোতা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত একাংশ প্ৰাক্তন আছু নেতাই মিত্ৰতাৰ তীব্র বিৰোধিতা কৰা কাৰ্য‌ই ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছ।

প্ৰাক্তন আছু সচেতন মঞ্চ কলিয়াবৰে আজি অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিলৈ প্ৰেৰণ কৰা এক পত্ৰত মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰি বৰ্তমানৰ অগপ নেতৃত্বক কঠোৰ সমালোচনা কৰে। মঞ্চৰ সভাপতি ৰবিন ভুঞা আৰু যুটীয়া সম্পাদকদ্বয় হৰেন হাজৰিকা আৰু গোলাপ শ‌ইকীয়া স্বাক্ষৰিত পত্ৰখনত উল্লেখ কৰে যে, সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে অগপৰ সাংগঠনিক দুৰ্বলতাক প্ৰকট কৰি আপোনাকে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমত জোৰকৈ জাপি দিব বিচৰা সাম্প্ৰদায়িক দল বিজেপিৰ লগত কৰা পুণৰ মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।

বিগত সময়ত লোকসভাত 'কেব' গ্ৰহণ কৰাৰ প্ৰতিবাদত আৰু অসমৰ প্ৰৱল জনমতৰ সমৰ্থনত আপোনালোকে বিজেপিৰে সৈতে কৰা মিত্ৰতা ভংগৰ জৰিয়তে মন্ত্ৰীত্ব ত্যাগ কৰি অসমৰ ৰাইজৰ আৱেগ অনুভূতিক সন্মান জনাইছিল। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ বাবে বিজেপি দলে এতিয়াও সদম্ভে ঘোষণা কৰি থকাৰ পিছতো এই দলটোৰ লগত পুণৰ মিত্ৰতা কৰি আপোনালোকে নিজৰ স্থিতিকেই প্ৰকৃততে অৰ্থহীন কৰি তুলিলে।

অসমীয়া জাতি বিৰোধী দলৰ সৈতে কৰা মিত্ৰতাই জাতিটোক ক্ষতি কৰিব বুলি উল্লেখ কৰি তেওঁলোকে অগপক শীঘ্ৰে মিত্ৰতা ছেদ কৰিবলৈ আহ্বান জনায়। আনহাতে, অগপৰ অন্যতম জ্যেষ্ঠ নেতা দেৱাজ আকবৰে মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰি কয়, এই মিত্ৰতাই অসমবাসীক প্ৰতাৰণা কৰিলে। কোনো কাৰণতে আমি এই মিত্ৰতা কেতিয়াও মানি নল‌ও। তেওঁলোকে ৮৫৫ জন ছহিদক অৱমাননা কৰিছে বুলি অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মন্তব্য কৰে।

Your Comments