ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি-অগপৰ যৌথ সংবাদমেল

bjpagp

আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক শীৰ্ষ  নেতৃবৃন্দৰে সৌজন্যমূলক সাক্ষাৎ কৰে অগপ নেতৃবৃন্দই।সাক্ষাৎকাৰৰ পিছত এখন যৌথ সংবাদমেল সম্বোধন কৰে দুয়ো দলৰ নেতৃত্বই।সংবাদমেলত অগপ  সভাপতি অতুল বৰাই কয় যে কংগ্ৰেছক উৎখাত কৰাৰ স্বাৰ্থতে  বিজেপিৰ সৈতে অগপই পুনৰ মিত্ৰতা কৰিছে।বিজেপি সভাপতি ৰঞ্জিত দাসে মন্তব্য কৰে যে অগপৰে  মিত্ৰতাৰ পিছত মিত্ৰজোঁতে ১২ খন আসন লাভ কৰাটো নিশ্চিত।আনহাতে,বিজেপি শীৰ্ষ নেতা,মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি -অগপৰ মিত্ৰতাক তৃণমূল পৰ্যায়লৈ নিব লাগিব।'নেডা'ৰ সকলো দল একত্ৰ হৈ নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিব।

Your Comments