চৰহা পোকে চানি ধৰিছে নাৰায়ণপুৰৰ ধাননি পথাৰ

চৰহা পোকে চানি ধৰিছে নাৰায়ণপুৰৰ ধাননি পথাৰ

ৰাজ্যত বানৰ সমান্তৰালকৈ এইবাৰ আন এক বিপৰ্যয়ে দেখা দিছে কৃষক ৰাইজৰ মাজত ৷ ৰাজ্যত এফালে বানৰ বিভীষিকা আৰু আনফালে চৰহা পোকৰ তাণ্ডৱ ৷ জাক জাক চৰহা পোকে শেষ কৰি গৈছে এডৰাৰ পিছত আনডৰা কৃষিভূমি ৷ কৃষি বিভাগৰ নাৰায়ণপুৰ উপ-সংমণ্ডলৰ অৰ্ন্তগত ধলপুৰ কৃষি চক্ৰ এলেকাৰ কচুৱা মাজগাঁৱৰ শালিধানৰ পথাৰ চৰহা পোকৰ গ্ৰাসত পৰিছে ৷

চৰহা পোকে চানি ধৰিছে নাৰায়ণপুৰৰ ধাননি পথাৰ

নিতৌ ন ন অঞ্চললৈ বৃদ্ধি পাইছে চৰহা পোকৰ উপদ্ৰৱ ৷ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা চকুৰ সন্মুখতে নষ্ট হোৱা দেখি মূৰে-কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে ৷ ক'লা বৰণৰ জাক জাক পোকৰ আক্ৰমণত বিশেষকৈ ধানৰ পাতৰ অশ জ্বলি ধানখেৰৰ দৰে হৈ গৈছে ৷ এগোছা ধানত প্ৰায় ৬০/৭০টা পোকে আক্ৰমণ চলাইছে ৷ পোকৰ আক্ৰমণৰ পৰা নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰে গছৰ ডাল-জেং পুতি পোকখোৱা চৰাই পৰিবলৈ সুবিধা কৰি দিয়াৰ লগতে সন্ধিয়া পথাৰত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিছে যদিও উপকৃত হ'ব পৰা নাই ৷ 

Your Comments