অসমৰ ৭টা সমষ্টিৰ বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা : টিকট নাপাব পাৰে কেইবাজনো সাংসদে 

bjp

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে অসমৰ কেইবাটাও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী প্ৰায় নিশ্চিত কৰাৰ বিষয়ে জানিব পৰা গৈছে৷ সেই অনুযায়ী দলটোৱে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত বৰ্তমান মঙলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকাক বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱতীৰ ঠাইত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ডিব্ৰুগড়ত প্ৰায় নিশ্চিত বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলি। যোৰহাটত বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ঠাইত সোণাৰি সমষ্টিৰ বিধায়ক তপন গগৈক প্ৰাৰ্থীত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদি কিবা কাৰণত সলনি কৰিব লগা হয়, তেতিয়া প্ৰাৰ্থিত্ব পাব পাৰে লক্ষ্য কোঁৱৰে। ইফালে নগাঁৱৰ চাৰিবাৰৰ সাংসদ তথা যৌন কেলেংকাৰিৰ গোচৰত জড়িত ৰাজেন গোহাঁইক এইবাৰ টিকট নিদিয়াটো প্ৰায় নিশ্চিত। গোহাঁইৰ ঠাইত এইবাৰ নগাঁৱত টিকট পোৱাৰ অধিক সম্ভাৱনা আছে মহিলা প্ৰাৰ্থী হিচাপে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। চৰ্চাত আছে ৰূপক শৰ্মাৰ নামো। ইফালে তেজপুৰ লোকসভা সমষ্টিতো বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই টিকট নোপোৱাটো প্ৰায় নিশ্চিত। তেজপুৰত এইবাৰ প্ৰাৰ্থিত্ব পাব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰত টিকট প্ৰায় নিশ্চিত প্ৰদান বৰুৱাৰ। মঙলদৈত প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত দাদা বিগ্ৰেডৰ অন্যতম সদস্য তথা ন-বিজেপি জয়ন্ত মল্ল বৰুৱাৰ। 
যদি শেষ মুহূৰ্তত একো সলনি কৰিব লগা নহয়, এয়াই হ'ব বিজেপিৰ ৭ সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা।

Your Comments