মিত্ৰতাৰ বিৰোধিতাৰে অটল স্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

prafulla mahanta

 বিজেপিয়ে অসম চুক্তি ৰূপায়ণ কৰাটো দূৰৈৰ কথা, অসম চুক্তি খৰ্বহে কৰিছে। অসমৰ মাটিও বাংলাদেশক চমজাই দিলে ৷সেয়েহে বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰি আমি কৈছিলো যে অগপই নিজা আঞ্চলিক চৰিত্ৰ অক্ষুন্ন ৰাখি লোকসভা নিৰ্বাচনত প্ৰয়োজন হ'লে অকলেই ঠিয় হোৱা উচিত ৷কিন্ত দলীয় নেতৃত্বই কালি যিটো সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ বিষয়ে মই সম্পূৰ্ণ অজ্ঞ ৷অসম আৰু অসমীয়াৰ স্বাৰ্থৰ কাৰণে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা উচিত ।

কালি নগাঁৱত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই। অগপ নেতৃত্বই বিজেপিৰে মিত্ৰতাৰ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি মহন্তই আৰু কয়-'আচলতে মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব লগীয়া হ'লে সাধাৰণ পৰিষদ অনুষ্ঠিত কৰিহে সিদ্ধান্ত ল'ব লাগে ৷কিন্ত তেওঁলোকে কোনো ধৰণৰ সাধাৰণ সভা আহ্বান নকৰাকৈয়ে এই সিদ্ধান্ত ল'লে ৷সেইটো তেওঁলোকে লোৱা সিদ্ধান্ত ৷মই মোৰ স্হিতিত অটল আছো ৷পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ বিভিন্ন জিলা সমিতি, আঞ্চলিক সমিতিৰে আলোচনা কৰি আগবঢ়া হ'ব ৷বহুতেই বিজেপিৰে নিৰ্বাচনী মিত্ৰতা বিচৰা নাই ৷'


মহন্তই আৰু কয়, 'অসম গণ পৰিষদ দল এটা আঞ্চলিক ৰাজনৈতিক  দল ৷সুদীৰ্ঘ অসম আন্দোলন আৰু অসম চুক্তিৰ অন্তত এই দল গঠন কৰা হৈছিল ৷আমি মিত্ৰতাৰ কেইবাটাও কাৰণত বিৰোধিতা কৰিছিলো ৷যোৱা লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ সভাত কৈছিল যে ১৬ মে'ৰ পিছত বাংলাদেশৰ পৰা অহা লোকসকলে টালি-টোপোলা বান্ধি নিজৰ দেশলৈ যাব লাগিব ৷অসমৰ মাটি বাংলাদেশক দিয়া নহয় বুলিও কৈছিল ৷

কিন্তু চৰকাৰ হোৱাৰ পিছত দেখা গ'ল যে অসমৰ মাটি বাংলাদেশকহে দিয়া হ'ল ৷তেনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত উল্থাপন কৰিলে ৷যি বিলে অসম চুক্তি লাঘৱ কৰিব ৷সেই কাৰণে আমি অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত বিলখনৰ বিৰোধিতা কৰিছিলো ৷বাংলাদেশৰ শেহতীয়া লোকপিয়ল অনুসৰি, দেশখনৰ জনসংখ্যা  ১কোটি ৯০লাখ ৷এতিয়া দুই কোটি হ'ব ৷তেওঁলোকক যদি ভাৰতবৰ্ষলৈ আহিবলৈ দিয়া হয় তেওঁলোকে অসমকেই বাচি ল'ব ৷

কাৰণ  জলবায়ু আৰু ভৌগোলিক ।হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিলে অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব ৷অসমৰ থলুৱা ভাষা -সংস্কৃতি হেৰুৱাব লাগিব ৷সেয়হে আমি, বিভিন্ন দল-সংগঠনে এই বিলৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছিলো ৷'
সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত দলৰ বিভাজন হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয় যে দল বিভাজন তেওঁৰ কাম্য নহয় ৷সকলো সিদ্ধান্ত ৰাইজে ল'ব বুলিও তেওঁ কয় ৷

Your Comments