অগপৰ নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্ট নেতা-কৰ্মী : চপৰা-চপৰে খহিছে ভেটি

lachit_agp

ভেটি শূন্য দিশত অগপ৷ বিজেপিৰে মিত্ৰতা আনুষ্ঠানিক ঘোষণা ২৪ ঘণ্টা হ'বলৈ নাপাওঁতেই চপৰা-চপৰে খহিছে অগপ সাংগঠনিক ভেটি। ইজনৰ পাছত সিজন জ্যেষ্ঠ অগপ নেতাই দলীয় নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্ট হৈ ত্যাগ কৰিছে অগপ দল। সেই অনুসৰি আজি পুৱা ভাগতে অগপ দলৰ জ্যেষ্ঠ সদস্য লাচিত বৰদলৈয়ে ত্যাগ কৰিলে অগপ। দলত্যাগ কৰি বৰদলৈয়ে ধন্যবাদ জনাই অগপ সুবিধাবাদী নেতাসকলক।

লগতে তেওঁ এই সুবিধাবাদী নেতাসকলে অত দিনৰ পৰা অসমৰ ৰাইজক ভুৱা আঞ্চলিকতাবাদী চৰিত প্ৰকাশ কৰিলে। তেওঁ ভুৱা আঞ্চলিকতাবাদী নেতাসকলক সকীয়াই দি কয় আপোনালোকে এতিয়াৰ পৰা ৮৫৫জন ছহিদৰ নাম উচ্চাৰণ নকৰিব। লগতে তেওঁ অতি দুখমনে উল্লেখ কৰে অগপ ভুৱা জাতীয়তাবাদীসকলৰ বাবে মই আজি অন্তৰৰ পৰা বিসৰ্জন দিলোঁ অগপ দলক। তেওঁ আঞ্চলিকতাবাদৰ প্ৰকৃত বিশ্বাসীসকলক আহ্বান জনায় কয় মুখা পিন্ধা আঞ্চলিকতাবাদীসকলক শেষ কৰিব বাবে সকলো এতিয়া একত্ৰিত হ'ব লাগে। 

ইফালে আজি অগপ জ্যেষ্ঠ নেতা হেমেন বৰায়েও মিত্ৰতাত অসন্তুষ্ট হৈ ত্যাগ কৰিছে অগপ দল। ঠিক একেদৰে দলৰ নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্টি হৈ অগপ মৰিয়নী নগৰ সমিতি সভাপতি ৰঞ্জিত গোহাঁই বৰুৱাইয়ো ইতিমধ্যে ঘোষণা কৰিছে অগপ দল ত্যাগ কৰিব বুলি। 

ইয়াৰ উপৰিও আজি অগপ মুখ্য কাৰ্যালয়ত আহি দলটোৰ হাজো সমষ্টি অসম যুৱ পৰিষদৰ সাংগঠনিক সম্পাদক আনছিৰ আলিয়ে দলটোৰ নেতৃত্বৰ ওচৰত পদত্যাগ কৰিছে। তেওঁ জানিবলৈ দিছে নেতৃত্বত দুই-এদিনতে হাজোৰ সমষ্টিৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে অগপ দল ত্যাগ কৰিব বুলি। উল্লেখ যে ইফালে আজি অগপৰ তিনি মন্ত্ৰীয়ে দুমাহ পূৰ্বে পদত্যাগ কৰাৰ বিভাগবোৰৰ পুনৰ দায়িত্ব গ্ৰহণ কৰিলে।

Your Comments