পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত অগপ নেতাৰ আত্মীয়ৰো নাম থকাৰ দাবী অখিল গগৈৰ

akhil gogoi

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্তৰ বাবে ৰাজ্য অতিৰিক্ত মুখ্যসচিব জিষ্ণু বৰুৱাক দায়িত্বৰ দিয়া সময়তে খোদ বিজেপি দলৰ দুই সদস্যই মঙলবাৰে দলৰ মুখ্য কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰী হোৱা নাই বুলি কোৱা মন্তব্যক উভতি ধৰে কৃষক নেতা অখিল গগৈয়ে। গুৱাহাটী গান্ধীবস্তীস্থিত কৃষক মুক্তি সংগ্রাম সমিতি মুখ্য কাৰ্যালয়ত কৃষক নেতাগৰাকীয়ে আজি এক সংবাদ মেল সম্বোধন কৰি কয় অসম লোকসেৱা আয়োগতকৈ ভয়ানক অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীতোয়েই হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি।

সেই কথা সমগ্ৰ অসমৰ ৰাইজে জনাৰ পাছতো বিজেপি দুই নেতা সুভাষ দত্ত আৰু জয়ন্ত মল্ল বৰুৱা কালি সংবাদ মেল সম্বোধন কৰি নিযুক্তি কেলেংকাৰী হোৱা নাই বুলি ক্লিন চিট দিব বিচৰাটো দলটোৰ বাবে মুৰ্খামী বাহিৰে আন একো নহয়। লগতে কৃষক নেতাগৰাকীয়ে তাপয্যপূৰ্ণভাৱে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ বিষয়টোত অনিয়ম সংঘটিত হৈছে বুলি ইতিমধ্যে তদন্তৰ কমিটি গঠন কৰিছে। কিন্তু বিজেপি দলৰ সদস্যসকলৰ এনে ভাষ্যই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী সেই তদন্তৰ কিমান নিৰপেক্ষ হ'ব আৰু ৰাইজে তাৰ পৰা কি ফলাফল লাভ কৰিব।

ইফালে আজি সংবাদ মেলতে কৃষক নেতাগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত দুৰ্নীতি হোৱা নাই বুলি কোৱা প্ৰসংগক সমালোচনা কৰি কয় যদি নিযুক্তি কেলেংকাৰী হোৱা নাই তেন্তে কেনেকৈ বৰপেটাত একেটা পৰিয়ালৰ চাৰিজন সদস্যই একেলগে একে বিভাগতে চাকৰি পালে তাক ৰাজহুৱা কৰক।

তেওঁ এই সংবাদ মেলতে বৰপেটাত একেটা পৰিয়ালৰ চাৰি সদস্য নামো উল্লেখ কৰে। সেই অনুসৰি বৰপেটা শ্ৰীমন্তপুৰৰ দীপাংকৰ দাস, কৃষ্ণ বায়ন দাস, বোৱাৰী মৃদুলা ডেকা আৰু মৃদুলা ডেকা ভনীয়েক পাঠশালা পম্পী ডেকা বুলি জানিবলৈ দিয়ে। 

ইয়াৰ উপৰিও কৃষক নেতাগৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে নিজ সমষ্টিত মুঠ ২১গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে নিযুক্তি পোৱা ২১গৰাকীৰ প্ৰাৰ্থী ২১গৰাকীয়েই নৱ কুমাৰ দলে আত্মীয় আৰু বিজেপি দলৰ সদস্য পুত্ৰ-কন্যা-পৰিবাৰ। ইয়াৰ ২১গৰাকীৰ নিযুক্তি পোৱা প্ৰাৰ্থী ৬ গৰাকীৰ প্ৰাৰ্থী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে আত্মীয়। য'ত আছে দলেৰ ভতিজা, ভাই-বোৱাৰী। 

ইফালে এই সংবাদ মেলতে কৃষক নেতাগৰাকীয়ে বিস্ফোৰণ ঘটাই কয় যে অসম গণ পৰিষদ দলৰ সৰ্বোচ্চ পদবীত থকা সদস্য আত্মীয়য়ো চাকৰি পোৱা বুলি অভিযোগ উথাপন কৰে। এই সম্পৰ্কত দুই এদিনতে তথ্য ভিত্তিক অৱগত কৰিব বুলিও জানিবলৈ দিয়ে। 

ইফালে সংবাদ মেলৰ অন্তত কৃষক নেতাগৰাকীয়ে কয় যে বিজেপি চৰকাৰ এনেকুৱা নিযুক্তি পৰীক্ষাৰ পাতিছে য'ত কেৱল মাত্ৰ মন্ত্ৰীৰ আত্মীয় আৰু ঘনিষ্ঠইহে চাকৰি পাই বুলিও তেওঁ তাপয্যপূৰ্ণভাৱে উল্লেখ কৰে।

Your Comments