এন আৰ চিৰ প্ৰসংগত ৰাজ্যসভাত গৃহমন্ত্ৰী

এন আৰ চিৰ প্ৰসংগত ৰাজ্যসভাত গৃহমন্ত্ৰী

অসমৰ এন আৰ চিৰ প্ৰসংগক লৈ চতুৰ্থদিনাও লোকসভা আৰু ৰাজ্যসভা উত্তাল হৈ থাকিল ৷ এন আৰ চিৰ ওপৰত চলি থকা বিতৰ্কৰ উত্তৰ দিবলৈ গৈ গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যসভাত এক বিবৃতি প্ৰকাশ কৰে ৷ ‘অসমত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ লগে লগে বিপক্ষৰ ৰাজনৈতিক নেতাসকলে ৰাজনীতি কৰা উচিত হোৱা নাই ৷ এইটো সকলোৱে খবৰ ৰখা উচিত, অসমত কিমান বিদেশী আছে আৰু কিমান স্বদেশী আছে ৷ এই প্ৰসংগত এচামে পৰিৱেশ নষ্ট কৰিব বিচাৰিছে ৷

এন আৰ চিৰ প্ৰসংগত ৰাজ্যসভাত গৃহমন্ত্ৰী

গ্ৰহমন্ত্ৰীগৰাকীয়ে বিবৃতিটোত লগতে কয়- ‘অসমত ১৯৮৫ চনৰ পৰা এন আৰ চিৰ বিষয়টো উত্থাপিত হৈ আহিছে ৷ ২০০৫ চনত কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিং চৰকাৰে এন আৰ চি উন্নীতকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ গৃহমন্ত্ৰীগৰাকীয়ে কয়- ‘এন আৰ চিৰ পূৰ্ণাংগ ৰূপ পাবলৈ সময় লাগিব ৷ ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব ৷’ তেওঁ আৰু কয় যে ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নাহিলেও বিকল্প পথ আছে ৷ তেওঁলোকে সকলো সুহযোগ লাভ কৰিব ৷ এই ক্ষেত্ৰত সকলোৱে সহযোগ কৰিব লাগে ৷

এন আৰ চিৰ প্ৰসংগত চৰকাৰৰ কোনো ভূমিকা নাই ৷ সকলো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকত চলি আছে ৷ এন আৰ চিত নাম সন্নিৱিষ্ট কৰিব নোৱাৰাসকলে ন্যায়াধিকৰণৰ ওচৰত গৈ আবেদন কৰিব পাৰিব ৷’ গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘মই পুনৰ স্পষ্ট কৰি দিছোঁ যে কাৰো ওপৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ব ৷’ এক সুস্থ পৰিৱেশৰ মাজেৰে এন আৰ চিৰ কাম সম্পূৰ্ণ কৰাত তেখেতে সকলোৰে পৰা সহযোগ আশা কৰে ৷

এন আৰ চিৰ প্ৰসংগত ৰাজ্যসভাত গৃহমন্ত্ৰী

এন আৰ চিৰ বিষয়টো দেশৰ নিৰাপত্তাৰ লগত জড়িত ৷ এটা চক্ৰই আন্তৰ্জাতিক পৰ্যায়ত অপপ্ৰচাৰ কৰাত ব্যস্ত হৈ আছে ৷ সেই চক্ৰটোৱে আতংক বিয়পোৱাৰ চেষ্টা কৰিছে বুলি অভি়যোগ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷ তৃণমূলৰ প্ৰতিনিধিক শিলচৰত আবদ্ধ কৰাৰ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত জনায় যে আইন-শৃংখলাজনিত কাৰণত তেওঁলোকক স-সন্মানে বিমানবন্দৰৰ হোটেলত ৰখা হৈছিল ৷ পৰিস্থিতি শান্তিপূৰ্ণ কৰি ৰখাৰ বাবে প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিবলগা হৈছিল ৷ তৃণমূলৰ প্ৰতিনিধিয়ে শিলচৰত দুগৰাকী মহিলা আৰক্ষীক আঘাত কৰে ৷ আজি পুৱাই তৃণমূলৰ সাংসদকেইগৰাকীক বিমানেৰে কলকাতালৈ পঠিয়াই দিয়া হৈছে ৷ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ ৷
 

Your Comments