নগাঁৱত ২৬, কলিয়াবৰত ২৫ মাৰ্চত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য

নগাঁৱত ২৬, কলিয়াবৰত ২৫ মাৰ্চত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য

সমাগত লোকসভা নিৰ্বাচন নগাঁও জিলাত সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদান প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত নগাঁও আৰু কলিয়াবৰ সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত যাদৱ শইকীয়াই এই কথা সদৰী কৰি কয়- কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞাক সহকাৰী ৰিটাৰ্ণিং বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। দুয়োটা সংসদীয় সমষ্টিৰ প্ৰাৰ্থীয়ে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন-পত্র দাখিল কৰিব লাগিব। কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে ১৮ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব।

নগাঁৱত ২৬, কলিয়াবৰত ২৫ মাৰ্চত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য

মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ, মনোনয়ন-পত্র পৰীক্ষা ২৬ মাৰ্চত আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ২৮ মাৰ্চ ধাৰ্য কৰা হৈছে। ১১ এপ্ৰিলত সংসদীয় সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি, কলিয়াবৰ সংসদীয় সমষ্টিত ১৭,১০,৯০০গৰাকী ভোটাৰ আছে। ইয়াৰে ৮,৭৪,৩১৭গৰাকী পুৰুষ ভোটাৰ আৰু ৮,৩৬,৫৭৯গৰাকী মহিলা ভোটাৰ আছে। সংসদীয় সমষ্টিটোৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা এনেধৰণৰ : নগাঁও জিলাৰ ধিঙত ২,১২,০৪৬, বটদ্ৰৱাত ১,৫২,৭৬৪,  ৰূপহীহাটত ১,৮৫,৭৩৮, চামগুৰিত ১,৫৫,২৮১,  কলিয়াবৰত ১,৩৫,৫৫১, গোলাঘাট জিলাৰ বোকাখাতত ১,৩৯,৪৫৭, সৰুপথাৰত ২,৪৭,৯১৬, গোলাঘাটতত ১,৯১,৭৮৭, খুমটাইত ১,৩০,০৭৮ আৰু যোৰহাট জিলাৰ দেৰগাঁৱত ১,৬০,২৮২গৰাকী ভোটাৰ আছে।  সংসদীয় সমষ্টিটোত ২,১৭৪টা ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু  ১০,৭৩৪গৰাকী "ডি" ভোটাৰ আছে।

ইয়াৰে কলিয়াবৰ বিধানসভা সমষ্টিত ৯৩০গৰাকী, ধিঙত ৩০৯৭গৰাকী, বটদ্ৰৱাত ১৪৯৮, ৰূপহীহাটত ১৬৮৯, চামগুৰিত ১৫১৪, বোকাখাটত ২১৪, সৰুপথাৰত ১০৪৪, গোলাঘাটতত ৫০৭, খুমটাইত ২৩৯, দেৰগাঁৱত ২গৰাকী ডি ভোটাৰ আছে। আনহাতে, সমষ্টিটোত ৩,১৯১গৰাকী ছাৰ্ভিচ ভোটাৰ আছে। আনহাতে, ১০নং নগাঁও সংসদীয় সমষ্টিত ১৭,৭৪,৪৬৫গৰাকী ভোটাৰ আছে। ইয়াৰে ৯,১১,১৯৮গৰাকী পুৰুষ আৰু ৮,৬৩,২১৭গৰাকী মহিলা ভোটাৰ আছে। সমষ্টিটোৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা এনেধৰণৰ : মৰিগাঁও জিলাৰ জাগীৰোড (অ:জ:) সমষ্টিত ২,২১,৭৩০গৰাকী, মৰিগাঁৱত ১,৮৩,৬৩১গৰাকী, লাহৰীঘাটত ১,৭৩,৪০৮গৰাকী, নগাঁও জিলাৰ ৰহাত (অ: জ:) ২,৫৩,৩৬৬গৰাকী, নগাঁৱত ১,৭৪,৪১১গৰাকী, বঢ়মপুৰত ১,৭০,৭৮৭গৰাকী, হোজাই জিলাৰ যমুনামুখত ১,৯৯,৪৪৭গৰাকী, হোজাইত ২,৪৩,০৭২গৰাকী আৰু লামডিঙত ১,৯৭,৬০৪গৰাকী ভোটাৰ আছে। সমষ্টিটোত ২,২৮৩টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।

আনহাতে, সমষ্টিটোত ৩,৭৬৫গৰাকী ছাৰ্ভিচ ভোটাৰ আছে। অন্যহাতে, নগাঁও সংসদীয় সমষ্টিত ৯,৯৩৭গৰাকী "ডি" ভোটাৰ আছে। ইয়াৰে জাগীৰোডত ৩,৫৮৬গৰাকী, মৰিগাঁৱত ৬৬৮গৰাকী, লাহৰীঘাটত ৪৬৭গৰাকী, ৰহাত ১,৭৭৭গৰাকী, নগাঁৱত ৬০৬গৰাকী, বঢ়মপুৰত ২৮৯গৰাকী, যমুনামুখত ৩৫৩গৰাকী, হোজাইত ১,৮১৪গৰাকী আৰু লামডিঙত ৩৭৭গৰাকী "ডি" ভোটাৰ আছে। সমষ্টিটোত ৩,১৯১গৰাকী ছাৰ্ভিচ ভোটাৰ আছে। নগাঁও সংসদীয় সমষ্টিৰ বাবে ১৯ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব। ২৬ মাৰ্চত মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন। ২৭ মাৰ্চত মনোনয়ন পৰীক্ষা কৰা আৰু ২৯ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ লগতে ১৮ এপ্ৰিলত ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে।

জিলা উপায়ুক্তগৰাকীয়ে জনোৱা মতে, নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনত ৭টা বিধানসভা সমষ্টি ক্ৰমে চামগুৰি, বঢ়মপুৰ, নগাঁও সদৰ, ৰহা, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱাত নিৰ্বাচন পৰিচালনা হ'ব। জিলা নিৰ্বাচনী বিষয়াৰ অধীনত মুঠ ১,৫২০টা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ১৪৬টা জটিল ভোটগ্ৰহণ কেন্দ্ৰ। তেওঁ লগতে জানিবলৈ দিয়ে যে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত আন বিধানসভা সমষ্টিৰ নিৰ্বাচন সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ তত্ত্বাৱধানত পৰিচালিত হ'ব। নগাঁও জিলা নিৰ্বাচন  বিষয়াৰ তত্ত্বাৱধানত পৰিচালিত হ'বলগা নিৰ্বাচনৰ বাবে ২৭টা জ'ন আৰু ১২৬টা ছেক্টৰত ভাগ কৰা হৈছে। ইতিমধ্যে জ'নেল আৰু ছেক্টৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। অনান্য নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ ১৩ মাৰ্চৰ পৰা আৰম্ভ হ'ব। আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি চৰকাৰী আঁচনিৰ হৰ্ডিং, বেনাৰ, ফেষ্টুন আদিত থকা ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়ক আদিৰ ফটো আঁতৰ কৰি পেলোৱা কাম আৰম্ভ কৰা হৈছে।

তদুপৰি, এইবাৰ ইভিএমত ব্যৱহাৰ হ'বলগা ভি ভি পেটৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি থকা হৈছে বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে। তেওঁ এই উদ্দেশ্য সজাগতা সৃষ্টিৰ বাবে ভি ভি পেট সন্নিবিষ্ট কে'বাখনো বাহন শুভাৰম্ভ কৰে। ইপিনে, সংবাদমেলত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে কয় যে সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ জিলাখনতে স্থাপন কৰা মুঠ ১,৬০৩টা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিব। ইয়াৰে মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ৩০টা ভোটগ্ৰহণ কেন্দ্ৰও আছে। তদুপৰি, আৰক্ষীয়ে সমগ্ৰ নিৰ্বাচনী জিলাখনতে আকস্মিক ঘটনাৰ লগতে সকলো ধৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ২৪টাকৈ ফ্লায়িং স্কোৱাৰ্ড আৰু এছএইচটি টীম অনবৰতে টহল দিয়াৰ ব্যৱস্থা কৰা হৈছে।

নগাঁও জিলাত দুটা পৰ্যায়ত হ'বলগা লোকসভা নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে জিলা আৰক্ষীয়ে ২৫টা নিৰাপত্তা বাহিনীৰ কোম্পানীৰ প্ৰেৰণ কৰিবলৈ আৰক্ষী বিভাগক আবেদন জনোৱা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলখনত উল্লেখ কৰে। সংবাদমেলখনত অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, জিলা নিৰ্বাচন বিষয়া ৰাজ বৰুৱা, জনসংযোগ বিষয়া সমৰ কলিতা আদিকে ধৰি বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। 

Your Comments