সোণাৰিত মহাবিদ্যালয়ৰ অধ্যক্ষৰ অন্ধবিশ্বাস, গে'টত পুতিলে মন্ত্ৰপুত সামগ্ৰী

সোণাৰিত মহাবিদ্যালয়ৰ অধ্যক্ষৰ অন্ধবিশ্বাস, গে'টত পুতিলে মন্ত্ৰপুত সামগ্ৰী

সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষৰ আজৱ কাণ্ড ৷ এজন ডক্টৰেট ডিগ্ৰীধাৰী অধ্যক্ষই অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ কৰিলে এই কাণ্ড ৷ যাৰবাবে এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ঘটনাৰ বিৱৰণী মতে, অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ গে'টত পোতে মন্ত্ৰপুত সামগ্ৰী৷ অধ্যক্ষগৰাকীৰ দাবী- মহাবিদ্যালয়খনৰ ভালৰ বাবেই তেওঁ গে'টৰ সন্মুখত এজন তান্ত্ৰিক-সন্যাসীৰ সহায়ত পুতিছে মন্ত্ৰপুত সামগ্ৰী ।

আনহাতে, মহাবিদ্যালয়খনৰ একাংশ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্র-ছাত্ৰীয়ে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অধ্যক্ষগৰাকীয়ে মহাবিদ‍্যালয়খনত সংঘটিত কৰা দুৰ্নীতিৰ কু-কাণ্ড পৰিচালনা সমিতিৰ সন্মুখত প্ৰবক্তাসকলে ফাদিল কৰাৰ পাছত এই আশ্চৰ্যকৰ কাণ্ড সংঘটিত কৰিছে । চি চি টিভিৰ কেমেৰাত অধ্যক্ষগৰাকীয়ে সংঘটিত কৰা সমগ্ৰ কাণ্ড বন্দী হোৱাৰ লগতে সমস্ত কাৰ্য পোহৰলৈ অহাৰ পাছত এতিয়া সমগ্ৰ সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

সোণাৰিত মহাবিদ্যালয়ৰ অধ্যক্ষৰ অন্ধবিশ্বাস, গে'টত পুতিলে মন্ত্ৰপুত সামগ্ৰী

উল্লেখ্য যে অধ্যক্ষগৰাকীয়ে তান্ত্ৰিককৰ সহায়ত দহজন অধ্যাপক আৰু এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ নাম লিখি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মহাবিদ্যালয়খনৰ গে'টৰ সন্মুখত মন্ত্ৰপুত সামগ্ৰী মাটিত থৈছিল ৷ সমগ্ৰ দৃশ্য পোহৰলৈ অহাত বৃহস্পতিবাৰে বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষগৰাকীৰ নিলম্বনৰ মহাবিদ্যালয়ত দাবীত তলা বন্ধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

Your Comments