আমগুৰিত জেনেৰেটৰৰ পৰা বিদ্যুৎ প্ৰৱাহিত হৈ এজনৰ মৃত্যু

আমগুৰিত জেনেৰেটৰৰ পৰা বিদ্যুৎ প্ৰৱাহিত হৈ এজনৰ মৃত্যু

শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ৭নং ৱাৰ্ডত আজি বিয়লি জেনেৰেটৰৰ পৰা বিদ্যুৎ প্ৰৱাহিত হৈ এজন ব্যক্তিৰ শোকাৱহভাৱে মৃত্যু হয়। জানিব পৰামতে, ৭নং ৱাৰ্ডৰ নিৱাসী পতুল গগৈৰ ঘৰত দিন হাজিৰা কৰা নিলোৎপল দত্ত নামৰ লোকজনে আজি বিয়লি জেনেৰেটৰ চলাবলৈ যাওঁতে বিদ্যুৎ প্ৰৱাহিত হৈ মৃত্যুক সাৱটি ল'বলগা হয় । উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰহমৰীয়া বগৰীতলীয়া গাঁৱৰ নিলোৎপলে বিগত চাৰি বছৰ ধৰি আমগুৰিৰ ব্যৱসায়ী পতুল গগৈৰ ঘৰত কৰ্মৰত হৈ আছিল ।

আজি বিয়লি জেনেৰেটৰ চলাবলৈ যোৱা নীলোৎপলক সতীৰ্থ পতুলে জেনেৰেটৰৰ কাষতে মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে । আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ আমগুৰি বিদ্যুৎ উপ-সংমণ্ডল বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি জেনেৰেটৰ সংযোগী ত্ৰুটিপূৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবেই এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰকাশ কৰে।

Your Comments