গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত চৰকাৰী ধনৰ অপচয়

গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত চৰকাৰী ধনৰ অপচয়

চৰকাৰী ধনৰ অপচয়ৰ নমুনা। চৰকাৰ আহে আৰু যায়, কিন্তু সলনি নহয় চৰকাৰৰ কাম-কাজৰ নমুনা। বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ পুৰণি মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত আজিও পৰিত্যক্ত অৱস্থাত জহি-খহি গৈছে বহুকেইখন চৰকাৰী বাহন। গহপুৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত প্ৰথম অৱস্থাত কাম-কাজ আৰম্ভ হৈছিল গহপুৰ মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ। বৰ্তমান মহকুমাধিপতি কাৰ্যালয় বড়িগাঁৱলৈ স্থানান্তৰিত হ'ল যদিও চৰকাৰী বাহনবোৰ অনাদৃত আৰু অৱহেলিত হৈ পৰিছে পুৰণি মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত। এইক্ষেত্ৰত কোনো দৃষ্টি দিয়া নাই কাৰ্যালয়টোৰ বিষয়া কিম্বা জিলা প্ৰশাসনে। উল্লেখযোগ্য যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰ আৰু অসমৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে সততে চৰকাৰী ধনৰ সদ্ব্যৱহাৰ আৰু সুশাসন হোৱা বুলি ঢাক ঢোল বজাই থকা অৱস্থাত এইদৰে চৰকাৰী ধনৰ অপচয় হোৱাত গহপুৰৰ সচেতন সমাজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।
 

Your Comments