কাজিৰঙাত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী

কাজিৰঙাত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী

কাজিৰঙাৰ নৰ্দাৰ্ণ ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বন বিভাগৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি আজি পুৱা ১০:৩০ বজাত দুৰ্ধৰ্ষ গঁড় চিকাৰী হবিবুৰ ৰহমান ওৰফে কাটিখোৱাক বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ২০১৬ চনৰ ২২ ডিচেম্বৰত বাগৰী নলাৰ ভেৰভেৰী নলাত সংঘটিত হোৱা গঁড় হত্যাৰ মূল অভিযুক্ত হবিবুৰ ৰহমানে তেতিয়াৰে পৰাই আত্মগোপন কৰি আছিল যদিও আজি তেওঁ বন বিভাগৰ হাতত ধৰা পৰে । বিগত মাহৰ শেষৰ ভাগত বাঘমাৰীৰ চোটপামৰ পৰা কাজিৰঙাৰ নৰ্দাৰ্ণ ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই গ্ৰেপ্তাৰ কৰা আকবৰ আলীৰ স্বীকাৰোক্তি মতে শেহতীয়াভাৱে তেওঁ আৰু হবিবুৰ ৰহমানে বাগৰী ৰেঞ্জৰ অধীনৰ এলেকাত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল ৷

Your Comments