ব্যক্তিগতভাৱে মিত্ৰতাৰ বিৰোধিতা কৰোঁ : নগাঁৱত প্ৰফুল্ল মহন্তৰ প্ৰতিক্ৰিয়া

ব্যক্তিগতভাৱে মিত্ৰতাৰ বিৰোধিতা কৰোঁ : নগাঁৱত প্ৰফুল্ল মহন্তৰ প্ৰতিক্ৰিয়া

"নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি অসম চুক্তিক নস্যাৎ কৰিব বিচৰা কোনো ৰাজনৈতিক দলৰ সৈতেই অসম গণ পৰিষদ দলৰ মিত্ৰতা সম্ভৱ নহয়। যি দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিব, তেনে ৰাজনৈতিক দলৰ সৈতেহে মিত্ৰতাৰ বিষয়টো বিবেচনা কৰা হ'ব পাৰে। নীতি আৰু আদৰ্শক লৈহে মিত্ৰতাৰ প্ৰসঙ্গটো আগবঢ়া উচিত।" শুকুৰবাৰে সন্ধ্যা নগাঁৱত আয়োজন কৰা এক সংবাদমেলত নিৰ্বাচনী মিত্ৰতাৰ সম্পৰ্কত এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি, বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই।

বিজেপি দলৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ তীব্ৰ বিৰোধিতা কৰি মহন্তই আৰু কয়, "বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে লখিমপুৰত ৰাজহুৱা সভাত ঘোষণা কৰিছিল যে বিজেপি যদি পুনৰ ক্ষমতালৈ আহে, তেতিয়া তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ গৃহীত কৰাৰ পদক্ষেপ ল'ব। গতিকে তেওঁলোকৰ স্থিতি ষ্পষ্ট। গতিকে বিজেপিৰে আমাৰ মিত্ৰতাৰ প্ৰশ্নই উঠিব নোৱাৰে।" নাগৰিকত্ব সংশোধনী বিধেয়কক জাতি ধ্বংসকাৰী বিধেয়ক আখ্যা দি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই আৰু কয়, "নাগৰিকত্ব সংশোধনী বিধেয়কে জাতি-মাটি-ভেটি নিঃশেষ কৰিব।

এই বিধেয়কৰ সমৰ্থনকাৰী কোনো দলৰ লগত নিৰ্বাচনী মিত্ৰতা কৰাৰ পক্ষত মই নাই। বিজেপিৰ লগত মিত্ৰতাক ব্যক্তিগতভাৱে বিৰোধিতা কৰো। কোনোৱাই তেনে সিদ্ধান্ত ল'লেও প্ৰত্যাহাৰ কৰিব লাগিব। যিহেতু আমাৰ দলৰ কৰ্মীসকলে বিজেপি দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা হোৱাটো বিচৰা নাই, ময়ো দলীয় কৰ্মীসকলৰ লগত আছোঁ। মই দলৰ বিভাজন হোৱাটো কেতিয়াও নিবিচাৰোঁ। অগপ-বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত দলৰ মজিয়াত এই পৰ্যন্ত কোনোধৰণৰ সিদ্ধান্ত হোৱা নাই। সংবাদ মাধ্যমৰ জৰিয়তেহে মই এই বিষয়ে জানিব পাৰিছোঁ। অগপই এতিয়াও মিত্ৰতাৰ কথাটো ষ্পষ্ট কৰা নাই।"

 শেহতীয়াকৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ প্ৰসঙ্গত সংবাদমেলত মহন্তই কয়, "চৰকাৰখনৰ স্বচ্ছ আৰু নিকা প্ৰশাসন কেতিয়াবাই গ'ল। শুনা যায় বিভাগটোৰ প্ৰাৰ্থীসকলৰ ইণ্টাৰভিউ ল'বলৈ যিটো কোম্পানীক দায়িত্ব দিয়া হৈছিল, এই কোম্পানীটো বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ কোম্পানী।" আনহাতে, অগপৰ জ্যেষ্ঠ নেতা, বিধায়ক বৃন্দাবন গোস্বামীক বৃহস্পতিবাৰে তেজপুৰত বিজেপি নেতাই কৰা দুৰ্ব্যৱহাৰক মহন্তই দুৰ্ভাগ্যজনক আখ্যা দিয়ে। সংবাদমেলত মহন্তই বঢ়মপুৰ সমষ্টিটোত অনুমোদন কৰি অনা বিভিন্ন পথৰ কামক লৈ বিজেপি নেতা-কৰ্মীসকলৰ মাজত হোৱা টনা-আঁজোৰাৰ বাবেই কাম বন্ধ হৈ পৰা বুলিও অভিযোগ উত্থাপন কৰে।

Your Comments