কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান

কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান

যোৱা ৪ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ মঙলদৈ য়ুথ ক্লাবত ওদালগুৰি আৰু দৰং জিলাৰ কৃষি সম্প্ৰসাৰণ কৰ্মী, এ টি এম, প্ৰগতিশীল কৃষকৰ সক্ষমতা বৃদ্ধিৰ উদ্দেশ্যে এপাৰ্ট আঁচনিৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ উদ্যোগত আৰু ইণ্টাৰনেচনেল ৰাইচ ৰিছাৰ্চ ইনষ্টিটিউট (ইৰি)ৰ সহযোগত তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্টিত হয়৷ প্ৰশিক্ষণৰ উদ্বোধনী সভাত জিলা কৃষি বিষয়া ভাৰত দেউৰী, আত্মাৰ উপ-আঁচনি সঞ্চালক ডঃ সিদ্ধাৰ্থ বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ বিশেষবস্তু বিশেষজ্ঞ ডঃ মোজাহাৰুল ইছলাম, ইৰিৰ বিশেষজ্ঞ সূৰ্যকান্ত খাণ্ডাই আৰু জ্যোতিবিকাশ নাথ উপস্থিত থাকে৷ অনুষ্ঠান পৰিচালনা কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ পাম পৰিচালক হেঙুলজ্যোতি শালৈয়ে৷

কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান

অনুষ্ঠানত ৩০জন প্ৰশিক্ষাৰ্থী উপস্থিত থকাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সহযোগী বাৰ্চী বড়ো আৰু সহকাৰী আঁচনি বিজ্ঞানী নালাক্ষী দত্ত উপস্থিত থাকে৷ প্ৰশিক্ষণ প্ৰদান কৰে ইৰিৰ বিশেষজ্ঞ সূৰ্যকান্ত খাণ্ডাই৷ প্ৰশিক্ষণত কৃষি খণ্ডত এপাৰ্ত আঁচনিৰ জৰিয়তে উপলব্ধ হোৱা বিভিন্ন যন্ত্ৰ আৰু সা-সৰঞ্জামসমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ ইৰি ছুপাৰ বেগ, ৰিপাৰ, পাৱাৰ স্পেয়াৰ আদিৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়৷ প্ৰশিক্ষণৰ শেষৰ দিনটোত প্ৰশিক্ষাৰ্থীসকলক কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰত 'ছ'লাৰ বাবুল ড্ৰায়াৰ'ৰ ওপৰত বিশেষভাৱে প্ৰশিক্ষিত কৰা হয়৷ এপাৰ্ট আঁচনিৰ জৰিয়তে উপলব্ধ হোৱা এই যন্ত্ৰপাতিসমূহে ইতিমধ্যে অসমৰ কৃষি খণ্ডত এক সুকীয়া প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷

Your Comments