নগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন

 নগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস উদ্‌যাপন

"নাৰী অন্যন্যা‌। সকলো নাৰীকে সম্মান কৰা উচিত। কিন্তু আজিৰ দিনটোত আটাইতকৈ সন্মানৰ পাত্ৰ নাৰীগৰাকী হ'ল মাতৃ। সেয়ে প্ৰত্যেকে প্ৰথমে নিজ মাতৃক সন্মান কৰিব লাগিব।" এই মন্তব্য নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত জিলা ন্যায়ায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙৰ। আজি নগাঁৱৰ এলফিনিষ্টন সমুহীয়া ভৱনত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত এখন সভাত এইদৰে মন্তব্য কৰি ন্যায়ায়িক দণ্ডাধীশ মৰাঙে কয়, বৰ্তমান সময়ত নাৰীসকলৰ সুৰক্ষাৰ বাবে বহু আইন প্ৰণয়ন হোৱাৰ পিছতো তেওঁলোক প্ৰকৃততে আমাৰ সমাজত সুৰক্ষিত হয়নে? সেয়া এক ডাঙৰ প্ৰশ্ন। তাৰ উদাহৰণ হিচাপে আন নালাগে নগাঁও জিলাতে ইতিমধ্যে নাৰীৰ ওপৰত কেবাটাও বৰ্বৰ কাণ্ড সংঘটিত হৈ গৈছে।

যিটোৱে সভ্য সমাজক নিশ্চিতভাৱে লজ্জানত কৰিছে। ইয়াৰ মূল কাৰণ তেওঁ উল্লেখ কৰি কয়, নাৰী সুৰক্ষাৰ বাবে থকা আইনসমূহৰ জ্ঞান সাধাৰণ মানুহৰ নাই। তেওঁ আইনসমূহৰ সুবিধা গ্ৰহণ কৰি নাৰী সুৰক্ষা নিশ্চিত কৰাৰ লগতে ইয়াৰ বাবে মহিলাসকল সাহসেৰে আগবাঢ়ি আহিব লাগিব বুলি মন্তব্য কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য উপদেষ্টা ছিৰাজ উদ্দিন আহমেদে সঞ্চালনা কৰা সভাত নগাঁও সদৰ চক্ৰ বিষয়া পঞ্চমী চৌধুৰীয়ে অংশগ্ৰহণ কৰি কয়, সকলো ক্ষেত্ৰতে নাৰীসকলক গণতান্ত্ৰিক অধিকাৰ দিয়া হৈছে। নাৰীৰ ভূমিকা অতুলনীয় বুলি উল্লেখ কৰি চৌধুৰীয়ে লগতে কয়, এখন সমাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত পুৰুষসকলৰ যিমান বৰঙণি থাকে, তেনেকৈ নাৰীসকলৰো থাকে।

সহস্ৰাধিক মহিলা উপস্থিত থকা সভাখনত নগাঁও আদালতৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা বিভা ফুকনে কয়, নাৰীসকলৰ বাবে সম-অধিকাৰৰ কথা কোৱা হয় যদিও এতিয়াও পুৰুষ প্ৰধান সমাজত নাৰী সমাজ সৰ্বত্ৰ লাঞ্ছিত, বঞ্চিত হৈছে। যি সময়ত নাৰীক দেৱী দুৰ্গা, কালী, সৰস্বতী আদিৰে নামেৰে পূজা কৰা হয়, সেই সময়ত সমগ্ৰ দেশতে মহিলাৰ পৰা শিশুলৈকে ধৰ্ষণৰ বলি হ'বলগা হৈছে বুলি চৰকাৰী অধিবক্তাগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ এতিয়াও এনে বহু গোচৰ আদালতত বিচৰাধীন হৈ আছে বুলিও মন্তব্য কৰে। সভাখনত জিলা সমাজ কল্যাণ বিষয়া দীনেশ দাস, বিশিষ্ট লেখিকা ৰাবিয়া খানম, মানসিক ৰোগ বিভাগৰ বিষয়া ক্ৰমে মণিমালা দত্ত, গীতামণি বৰুৱা, অধিবক্তা ক্ৰমে শ্বাহনাজ চুলতানা, হুমায়ুন কবিৰ, ছাত্ৰ নেতা মোশ্বাৰফ হুছেইন কবিৰ, সমাজসেৱিকা আনোৱাৰা বেগমকে ধৰি বহুকেগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments