ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা সম্পন্ন

ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা সম্পন্ন

অসম পৰিবহণ নিগমৰ স্বীকৃতিপ্ৰাপ্ত একমাত্ৰ শ্ৰমিক সংগঠন ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ বৃহস্পতিবাৰৰ পৰা নগাঁও চহৰৰ বাঙ্গালী সন্মিলনীৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাৰ আজি বিয়লি সামৰণি পৰে। আজি পুৱা নগাঁও চহৰৰ মাজেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ পিছত বিয়লি ২ বজাৰ পৰা নগাঁও বাঙ্গালী সন্মিলনীৰ প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হয়। সন্থাৰ সভাপতি ৰাজেন শইকীয়াৰ সভাপতিত্বত মুকলি সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি কয়- এই কৰ্মচাৰীসকলৰ সমস্যাসমূহ চৰকাৰে শীঘ্ৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব। ভাষণ প্ৰসঙ্গত বিধায়কগৰাকীয়ে অসমৰ পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। সভাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোত কুমাৰ ভট্ট ৰায়, পৰিচালন সঞ্চালক আনন্দ প্ৰসাদ তিৱাৰী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা, অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধক্ষ অভিনেতা যতীন বৰাৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁতধৰে সন্থাৰ সাধাৰণ সম্পাদক দ্বীজেন লহকৰে।

Your Comments