ধুবুৰী আৰক্ষীৰ সফল অভি়যান, ৬ দিনৰ মূৰত উদ্ধাৰ অপহৃত যুৱক

ধুবুৰী আৰক্ষীৰ সফল অভি়যান, ৬ দিনৰ মূৰত উদ্ধাৰ অপহৃত যুৱক

অৱশেষত ৬ দিনৰ পিছত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হ'ল ধুবুৰীৰ এজন যুৱক । ধুবুৰী আৰক্ষীৰ সফল অভিযানত সুকলমে উদ্ধাৰ হ'ল অপহৃত যুৱকজন । কিন্তু এতিয়ালৈকে আটক হোৱা নাই কোনো অপহৰণকাৰী ।

উল্লেখ্য যে ধুবুৰী কলেজ নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ছাগলচৰা তৃতীয় খণ্ডৰ বাসিন্দা কৰিম বক্সৰ পুত্ৰ তথা মেঘালয়ত ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত মহিবুল হক ওৰফে ৰিপুণ (২৯)ক যোৱা ২৭ জুলাইত অপহৰণ কৰা হৈছিল ৷ ঘটনাৰ দিনা সন্ধিয়া ৭.৩০ বজাত নিজৰ মটৰচাইকেলত তেল ভৰাবলৈ গৈ মটৰচাইকেলসহ যুৱকজন সন্ধানহীন হৈছিল ।

ধুবুৰী আৰক্ষীৰ সফল অভি়যান, ৬ দিনৰ মূৰত উদ্ধাৰ অপহৃত যুৱক

উদ্ধাৰৰ পিছত অপহৃত যুৱকজনে উল্লেখ কৰামতে, দুজন লোকে তেওঁক মটৰচাইকেলসহ অপহৰণ কৰি এক অজ্ঞাত স্থানলৈ লৈ গৈছিল । এই সংক্ৰান্তত পৰিয়ালৰ লোকে ধুবুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১০৫৯/১৮ নম্বৰত গোচৰ ৰুজু কৰি পৰৱৰ্তী সময়ত অনুসন্ধান আৰম্ভ কৰিছিল । এনে সময়তে যুৱকজনক বিলাসীপাৰাৰ মাছপাৰা গাঁৱত ৰখাৰ এক তথ্য লাভ কৰাৰ পিছত বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই উক্ত মাছপাৰা গাঁৱত এজন লোকৰ ঘৰত অভিযান চলাই ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা অৱস্থাত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

যুৱকজনক উদ্ধাৰ কৰাৰ পিছত সম্প্ৰতি অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও অপহৰণ কাণ্ডত কোন জড়িত আছে সেই তথ্য প্ৰকাশ কৰা নাই । ইপিনে এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ আঁৰত এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ লগতে গভীৰ ৰহস্য উদ্ঘাটন হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

Your Comments