ৰিজাৰ্ভ বেংকে শীঘ্ৰে জাৰি কৰিব ২০ টকাৰ মুদ্ৰা

RBI

ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে ২০ টকাৰ মুদ্ৰা জাৰি কৰিব।বুধবাৰে বিত্ত মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰিছে।বৰ্তমানৰ ১০ টকীয়া মুদ্ৰাসদৃশ ২০ টকীয়া মুদ্ৰাটোৰ ব্যাস ২.৭ ছে:মি হ'ব।বাৰকোণীয়া মুদ্ৰাটো তাম,নিকেল আৰু দস্তাৰে নিৰ্মিত হ'ব।মুদ্ৰাটোৰ বাহিৰৰ অংশ আৰু ভিতৰৰ অংশৰ ৰঙৰ সামান্য পাৰ্থক্য থাকিব।

Your Comments