এন আৰ চিৰ তালিকাত বিদেশী

বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত মৰিগাঁৱত ৩৯জনকৈ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জয়নাল আবেদিন নামৰ মৰিগাঁও থানাৰ অন্তৰ্গত কপৌজাৰিৰ এজন বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ পিছত উপায়ুক্ত হেমেন দাসে ৩৯জনকৈ এনে লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বুলি বিস্ফোৰক তথ্য জনাইছে ৷ লগতে উপায়ুক্তগৰাকীয়ে জনায় যে এনে লোকৰ নাম কোনো পৰিস্থিতিতে এন আৰ চিত নোসোমায় ৷ কাৰণ এই ক্ষেত্ৰত এন আৰ চিৰ 'ডিছক্লেমাৰ'তেই উল্লেখ আছে ৷ যিহেতু এন আৰ চি এটা অবিৰত প্ৰক্ৰিয়া, গতিকে এন আৰ চিত কোনো কাৰণতেই বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় বুলি উল্লেখ কৰি মৰিগাঁওবাসীক আশ্বস্ত হ’বলৈ আহ্বান জনায় ৷

ইপিনে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি বাতৰি প্ৰকাশৰ পিছতেই জিলাখনত তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে আছু, গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰ এনে বিদেশীৰ নাম এন আৰ চিৰ পৰা কৰ্তনৰ দাবী তুলিছে ৷

Your Comments