লোকসভা নিৰ্বাচনৰ বাবে সাজু গহপুৰ মহকুমা প্ৰশাসন 

gohpur

ভাৰতীয় নিৰ্বাচন আয়ুক্তই নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত। অন্যান্য সমষ্টিৰ লগতে তেজপুৰ লোকসভা সমষ্টিতো নিৰ্বাচনৰ যাবতীয় কাম-কাজ পূৰ্ণদমে আগবাঢ়িছে বুলি জানিবলৈ দিয়ে বিশ্বনাথ জিলা নিৰ্বাচনী আয়ুক্ত তথা গহপুৰ মহকুমাৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

নৰেন্দ্ৰ কুমাৰ শ্বাহে লগতে উল্লেখ কৰে যে পূৰ্বৰ তুলনাত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াত কিছু নতুনত্বৰ সংযোজন ঘটিব। বিশেষকৈ ভোটাৰসকলে ভোটদানৰ পিছত লাভ কৰিব ভিভিপিএপি (VVPAT) শ্লিপ যাৰ জৰিয়তে সঠিক ভোটাধিকাৰ হোৱাৰ প্ৰমাণ লাভ কৰিব। ৭৮ নং গহপুৰ বিধানসভা সমষ্টিত বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা ১,৮৭,৯২৮ জন। ইয়াৰ ৯৬,৮৪৬ গৰাকী পুৰুষ, ৯১,০৭৭ গৰাকী মহিলাৰ বিপৰীতে ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

মুঠ ২২৮ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰিবলগা সমষ্টিটোত ২৩ টা ভোটগ্ৰহণ কেন্দ্ৰ জটিল হিচাপে চিহ্নিত কৰিছে। ৯ টা জনত ভাগ কৰা সমষ্টিটো ২৮ টা ছেক্টৰত ভাগ কৰাৰ লগতে ২০ টা নিৰ্বাচনী কোষ গঠন কৰা হৈছে। নিৰ্বাচন সুচাৰুৰূপে কৰিবৰ বাবে এটা মডেল ক'ড অব‌‌‍ কণ্ডাক্ট দল গঠন কৰাৰ লগতে তিনিটা ফ্লায়িং স্কোৱাড দল গঠন কৰা হৈছে। 

উল্লেখ যোগ্য যে বিগত গহপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটাৰতকৈ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গহপুৰত ১৬,৭৩২ জন নতুন ভোটাৰ সংযোজন হৈছে৷

Your Comments