আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ নৱনিৰ্মিত মুখ্যদ্বাৰ উদ্বোধন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ নৱনিৰ্মিত মুখ্যদ্বাৰ উদ্বোধন

নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ পুঁজিৰে নিৰ্মিত নতুন মুখ্যদ্বাৰখনৰ আজি শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ সহজানন্দ ওজা আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে।

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ নৱনিৰ্মিত মুখ্যদ্বাৰ উদ্বোধন

মহাবিদ্যালয়খনৰ সকলো অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্ৰীৰ লগতে মুখ্যদ্বাৰখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ নৰেন কলিতা, ৰাজেন শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেটা অনুষ্ঠানতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহৰ শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ সংযোগৰ বাবে আৰ্থিক পুঁজিৰ চেক প্ৰদান কৰে। অনুষ্ঠানৰ আঁতধৰে অধ্যাপক সদানন্দ পায়েঙে।

Your Comments