বিশ্বৰ চহকী ব্যক্তিৰ তালিকাত আচাৰ্য বালাকৃষ্ণ

বিশ্বৰ চহকী ব্যক্তিৰ তালিকাত আচাৰ্য বালাকৃষ্ণ

বিশ্বৰ চহকী ব্যক্তিসকলৰ অন্যতম ৰূপে চিহ্নিত হৈছে যোগগুৰু ৰামদেৱৰ ঘনিষ্ঠ সহযোগী আচাৰ্য বালাকৃষ্ণ। 'পতঞ্জলি আয়ুৰ্বেদ'ৰ পৰিচালন সঞ্চালক বালাকৃষ্ণৰ স্থান ৩৬৫। অৱশ্যে বিগত বৰ্ষত বালাকৃষ্ণৰ স্থান আছিল ২৭৪। 'ফৰ্বছ'ৰ শেহতীয়া সমীক্ষা অনুসৰি বালাকৃষ্ণ সম্প্ৰতি ৪.৯ বিলিয়ন ডলাৰৰ গৰাকী। উল্লেখ্য যে স্বামী ৰামদেৱৰে মিলি বালাকৃষ্ণ‌ই প্ৰতিষ্ঠা কৰিছিল 'পতঞ্জলি আয়ুৰ্বেদ'। কোম্পানীটোত বালাকৃষ্ণৰ অংশীদাৰিত্বৰ পৰিমাণ ৯৮.৬ শতাংশ।  

Your Comments