পেট্ৰ'ল-ডিজেলতকৈ সুলভ মূল্যত ইন্ধন : ডিব্ৰুগড়ত মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন

পেট্ৰ'ল-ডিজেলতকৈ সুলভ মূল্যত ইন্ধন : ডিব্ৰুগড়ত মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো চি এন জি ষ্টেচন

ডিব্ৰুগড়ত স্থাপন হ'ব অসমৰ প্ৰথমটো চি এন জি ষ্টেচন। পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি, প্ৰদূষণ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা যান-বাহনৰ অভাৱনীয় সমস্যাক সকাহ দিবলৈ অসম গেছ কোম্পানী লিমিটেডে গ্ৰহণ কৰিছে এই পদক্ষেপ। ডিব্ৰুগড়ৰ চৌকিডিঙি চাৰিআলিৰ সমীপত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠা তৰলীকৃত প্ৰাকৃতিক গেছ অৰ্থাৎ চি এন জি ষ্টেচনটো মাৰ্চ মাহৰ ভিতৰতেই গ্ৰাহকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে।

 উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ আগৰতলাৰ পাছত দ্বিতীয়খন ৰাজ্য হিচাপে অসমত মুকলি হ'ব এই বিশেষ সেৱা। প্ৰদূষণৰ পৰা সকাহ দিয়াৰ লগতে ইয়াৰ যোগেদি গ্ৰাহকে তৈলজাত ইন্ধনৰ তুলনাত প্ৰায় আধা মূল্যত লাভ কৰিব এই গেছ। তুলনামূলকভাৱে বেছি হ'ব এই ইন্ধনৰ মাইলেজৰ হাৰো। 

লক্ষণীয়ভাৱে ডিব্ৰুগড় চহৰত ইতিমধ্যে দেখা গৈছে চি এন জি চালিত বাহনৰ ব্যৱস্থা। অসম গেছ কোম্পানী লিমিটেডৰ সূত্ৰমতে অচিৰেই তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন ঠাইলৈও সম্প্ৰসাৰণ হ'ব এই চি এন জি ষ্টেচন সেৱা।

Your Comments