বৰপেটাৰ তাৰাবাৰীত বাল্যবিবাহ, কইনাৰ পিতৃ আৰু কাজীক গ্ৰেপ্তাৰ

বৰপেটাৰ তাৰাবাৰীত বাল্যবিবাহ, কইনাৰ পিতৃ আৰু কাজীক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কলতলি গাঁৱত যোৱা ২৩ জুলাইত সংঘটিত হৈছিল এক বাল্যবিবাহৰ ঘটনা । কলতলি গাঁৱৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীৰ স'তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আগদলা গাঁৱৰ ওচমান আলীৰ পুত্ৰ মহিদুল আলীৰ স'তে বিবাহ সম্পন্ন হৈছিল ।

উক্ত বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত বুধবাৰে নিশা তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে অভিযান চলাই দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় । আটক হোৱা লোক দুগৰাকী ক্ৰমে কলতলি গাঁৱৰ বাল্যবিবাহৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃ নুৰ ইছলাম আলী আৰু বাল্যবিবাহ সম্পন্ন কৰা ফুলবাৰী গাঁৱৰ কাজী তৈবুল্লাহ খান বুলি জানিব পৰা গৈছে ।

তাৰাবাৰী আৰক্ষী থানাত ৰুজু হোৱা ১৮২/১৮ নম্বৰ গোচৰ আৰু বাল্যবিবাহ প্ৰতিৰোধ আইনৰ ৯/১০/১১ ধাৰাৰ অধীনত আজি তাৰাবাৰী আৰক্ষীয়ে বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ব্যক্তি দুগৰাকীক আদালতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে বাল্যবিবাহ সম্পন্ন হোৱাৰ পিছতেই দৰা মহিদুল আলীক তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে জে'ললৈ প্ৰেৰণ কৰিছিল । বাল্যবিবাহৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীৰ সাহসী পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে ।

Your Comments