দৰঙত ১৭৯৩৪ খন ৰেচন কাৰ্ডৰ ১,৬০,১৬৫ গৰাকী হিতাধিকাৰীয়ে পাব এটকীয়া চাউল

logo

আসন্ন লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰে দুখীয়া হিতাধিকাৰীসকলক দিবলৈ ওলোৱা এটকীয়া চাউলক লৈ দৰং জিলাত সৃষ্টি হৈছে তীব্ৰ খোৱা কামোৰা । উল্লেখ্য যে ২২ খন সমবায় সমিতিত দীৰ্ঘদিন ধৰি নিদিষ্ট পৰিমাণতকৈ অত্যাধিক হাৰত ভুৱা হিতাধিকাৰী থকাৰ অভিযোগ উথাপিত হৈছিল। আনকি এনে ভুৱা হিতাধিকাৰৰ নামত চৰকাৰে আৱন্টন দিয়া শ শ কুইন্টল চাউল চোৰাং বজাৰত বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উথাপিত হৈছিল ।

কিন্তু চৰকাৰে এই ভুৱা ৰেচন কাৰ্ডসমূহ পৰীক্ষা নকৰাকৈ এটকীয়া চাউল দুখীয়া হিতাধিকাৰীক দিবলৈ লোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শেহতীয়াভাৱে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তৎপৰতাত দৰং জিলাত মুঠ ১৭৯৩৪খন ৰেচন কাৰ্ডৰ বিপৰীতে ১,৬০,১৬৫ গৰাকী হিতাধিকাৰীৰ মাজত এটকীয়া চাউল বিতৰনৰ তৎপৰতা চলোৱা হৈছে  ।

বিভাগীয় তথ্য অনুসৰি জিলাখনৰ মঙলদৈ বিধানসভা সমষ্টিৰ ৬ খন সমবায় সমিতিত ৪১৭৬ খন ৰেচন কাৰ্ড, ছিপাঝাৰ সমষ্টিত ৬০৯৮ খন, কলাইগাঁও সমষ্টিৰ ৩ খন সমবায় সমিতিৰত ১৪৯১ খন আৰু দলগাঁও সমষ্টিৰ ৭ খন সমবায় সমিতিত মুঠ ৪৮৫৪ খন ৰেচন কাৰ্ডৰ বিপৰীতে ৩৯৫১৮.৭ কুইন্টল চাউল বিতৰণৰ প্ৰস্তুতি চলোৱা হৈছে ।  

ইতিমধ্যে মঙলদৈত বিধায়ক গুৰুজ্যোতি দাস আৰু ছিপাঝাৰত বিধায়ক বিনন্দ শ‌ইকীয়াৰ তৎপৰতাত হিতাধিকাৰীৰ মাজত এটকীয়া চাউল বিতৰন প্ৰক্ৰিয়া আৰম্ভ কৰা হয় যদিও বহুসংখ্যক দৰিদ্ৰ লোক এটকীয়া চাউল লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷

Your Comments