চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ৱেব-সেৱাৰ শুভাৰম্ভণি

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ৱেব-সেৱাৰ শুভাৰম্ভণি

অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম এখন হ'ল বৰপেটা জিলাৰ চেঙাৰ শুভাস্থিত মধ্য কামৰূপ মহাবিদ্যালয় ৷ অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ ভিতৰত মধ্য কামৰূপ মহাবিদ্যালয়ত বুধবাৰে প্ৰথম সংযোজন হ'ল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ব্যৱস্থাপনাৰ অনলাইন ৱেব । ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ হাৰ বৃদ্ধি হোৱাৰ লগতে পৰোক্ষভাৱে পাঠদান প্ৰক্ৰিয়াত জড়িতসকলৰ দায়বদ্ধতা ত্বৰান্বিত হ'ব ৷

এই উদ্দেশ্যে দিনৰ দহ বজাত মহাবিদ্যালখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ হৰেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই ৱেব-সেৱাৰ শুভ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ভৱেশ গোস্বামীয়ে । উদ্বোধনী ভাষণত ডঃ গোস্বামীয়ে মধ্য কামৰূপ মহাবিদ্যালয়ৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি কয় যে এনে কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষকসকলকো নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ বাধ্য কৰাব । ভাষণত তেওঁ তথ্য আৰু প্ৰযুক্তিৰ পৰা এশ শতাংশই লাভ আদায় কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰ ব্যৱহাৰ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সদায়ে মাত্ৰ ইতিবাচক দিশটোৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰিবলৈও তেওঁ লগতে কয় । উপাচাৰ্যগৰাকীয়ে এই ৱেব-সেৱা কটন বিশ্ববিদ্যালয়তো আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হোৱা বুলি উল্লেখ কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা উপ-নিয়ন্ত্ৰক ডঃ দেৱহৰি তালুকদাৰে এই ৱেব-সেৱা প্ৰেচেষ্টাৰ আদৰণি জনাই মধ্য কামৰূপ মহাবিদ্যালয় এই ব্যৱস্থাপনাৰ প্ৰথম অধিকাৰী হ'ল বুলি উল্লেখ কৰি কয় ৷ তেওঁ লগতে কয় যে অদূৰ ভবিষ্যতে ৰাজ্যখনৰ আন আন শিক্ষানুষ্ঠানৰ বাবে মধ্য কামৰূপ মহাবিদ্যালয় এনে প্ৰচেষ্টাৰ দিশত বাটকটীয়া হৈ পৰিল ।

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ৱেব-সেৱাৰ শুভাৰম্ভণি

উপ-নিয়ন্ত্ৰকগৰাকীয়ে ষান্মসিক পদ্ধতিৰ বাবে ক্ৰমশঃ শৈক্ষিক ক্ষেত্ৰলৈ আহি থকা জটিলতা আৰু প্ৰত্যাহ্বানৰ সময়ত এই ৱেব-সেৱাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীকে নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগকো বহুলভাৱে সুবিধা প্ৰদান কৰিব ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰঞ্জন শৰ্মা, আমন্ত্ৰিত অতিথিৰূপে মধ্য কামৰূপ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ চান্দ মহম্মদ আলীয়ে নিজ নিজ ভাষণত অনলাইন সেৱাৰ সুবিধা তথা ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত আৰু ব্যৱহাৰিক শিক্ষাৰ ওপৰত বক্তব্য আগবঢ়ায় ।

মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক গোপেশ কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু অধ্যাপক ভৈৰৱ দাসে সামৰণী ভাষণ ৰখা আজিৰ এই উন্মোচনী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোনীত সদস্য ডঃ উত্তম চন্দ্ৰ পাঠক, ছফ্‌টৱেৰ অভিযন্তা ৰাজীৱ দাস, মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ হেমেন গোস্বামীকে ধৰি বহুকেইজন বিশিষ্ট লোকৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ উল্লেখ্য যে যোৱা ১২ মে'ত এইখন মহাবিদ্যালয়তে অসমৰ ভিতৰতে প্ৰথম পৰীক্ষাৰ অনলাইন 'ৱেব-পৰ্টেল' মুকলি কৰা হৈছিল । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ বিভিন্ন পৰীক্ষাৰ ফলাফল ঘৰতে পাবলৈ সক্ষম হোৱাৰ উপৰি মাৰ্কশ্বিট ডাউনল'ডৰ সুবিধা লাভ কৰে।

Your Comments