অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাটো নাটক : গৌৰৱ গগৈ

অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাটো নাটক : গৌৰৱ গগৈ

"দেশ কি চকীদাৰ চোৰ হে", "ইচকে কিবাৰ, মোডী হাটাও" আদি ধ্বনিৰে মুখৰিত হৈ পৰিল নগাঁও জিলাৰ ৰূপহীহাটত অনুষ্ঠিত কংগ্ৰেছৰ এক দলীয় সভা। সভাস্থলীত আজি এইদৰে বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীসকল। আজি ৰূপহীহাট ব্লক কংগ্ৰেছৰ উদ্যোগত স্থানীয় ৰূপহী বজাৰ প্ৰাংগণত অনুষ্ঠিত বুথ কমিটীৰ সভাত অংশগ্ৰহণ কৰি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কয়, "অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধিতা কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাটো এক সু-পৰিকল্পিত নাটক।"

ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল জলিলৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সাংসদ গৌৰৱে অগপৰ তিনি পদত্যাগী মন্ত্ৰীয়ে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ উঠিপৰি লগা বুলি গুৰুতৰ অভিযোগ তুলি সাংসদ গৌৰৱে অগপৰ বিৰুদ্ধেও সমালোচনাত স্বোচ্ছাৰ হৈ পৰে। ইপিনে, ভাষণ প্ৰসংগত গৌৰৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লৈ মোডীক এগৰাকী চূড়ান্ত ব্যৰ্থ প্ৰধান মন্ত্ৰী বুলি অভিহিত কৰি ২০১৪ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দিয়া কোনো এটা প্ৰতিশ্ৰুতি বিজেপিয়ে পালন নকৰিলে বুলি প্ৰকাশ কৰে। বিদেশৰ পৰা ক'লা ধন ওভতাই আনি প্ৰতিজন ভাৰতীয়ৰ বেংক একাউণ্টযোগে ১৫ লাখকৈ টকা দিব বুলি ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰা মোডীৰ পৰা কোনো লোকে উক্ত ধন লাভ কৰিলেনে বুলি প্ৰশ্ন কৰে সাংসদ গৌৰৱে।

বিজেপিক মিছা প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত  সিদ্ধহস্ত দল বুলি অভিহিত কৰি বিগত পাঁচ বছৰত প্ৰধান মন্ত্ৰী মোডীৰ ভুল অৰ্থনীতিৰ বাবে ভাৰতবৰ্ষ বহুখিনি পিছুৱাই যোৱা বুলি মন্তব্য কৰে গৌৰৱে। নীৰৱ মোডী, বিজয় মালিয়াই বেংকৰ হেজাৰ হেজাৰ কোটি লৈ বিজেপিৰ শাসনত ভাৰত ত্যাগ কৰা বুলি অভিযোগ তোলে৷ সাংসদগৰাকীয়ে দেশৰ সৰ্বসাধাৰণ কৃষক ৰাইজৰ ঋণ মাফ কৰিব নোৱাৰে কিয় বুলি প্ৰশ্ন কৰে। আনকি, বিজেপিৰ শাসনকালত আৰ এছ এছে ৰাষ্ট্ৰখনত ভয়-শংকা আৰু আতংকময় পৰিবেশ সৃষ্টি কৰি সমগ্ৰ দেশখনতে এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰে।

অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাটো নাটক : গৌৰৱ গগৈ

সাংসদগৰাকীয়ে অসমৰ ভাষা-সংস্কৃতিৰ ভাবুকি স্বৰূপ হৈ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ লোকসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত গেৰুৱা দলটোৱে উত্থাপন কৰিবলৈ সাহস কৰিব নোৱাৰিলে। এই কৃতিত্ব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধীৰ বুলি উল্লেখ কৰি কয়, বিপদৰ সময়ত অসমবাসীৰ পক্ষে থিয় দিয়া কংগ্ৰেছৰ হাত সকলোৱে মিলি শক্তিশালী কৰিব লাগিব। অন্যথা পুনৰ এই দলটোৱে জাতিধ্বংসী বিধেয়কখন অসমত জাপি দিবলৈ চেষ্টা কৰিব বুলি গগৈয়ে মন্তব্য কৰে। পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত সাংসদগৰাকীয়ে এন আৰ চিৰ শুনানিৰ নামত সৰ্বসাধাৰণ ৰাইজক ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰি ৰাইজক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰে।

উক্ত সভাত স্থানীয় বিধায়ক নুৰুল হুদাই ভাষণ দি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিক অপপ্ৰচাৰ চলোৱাত অতি পাকৈত দল বুলি মন্তব্য কৰে। পৰিবৰ্তনৰ নামত চৰকাৰ গঠন কৰা বিজেপিয়ে ইমান দিনে দৰিদ্ৰ জনগণৰ কথা চিন্তা কৰাৰ আহৰি নাপালে। ৫৯ মাহ পিছত অৰ্থাৎ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁলোকে দুখীয়া ৰাইজক এটকীয়া চাউল যোগান ধৰিবলৈ সময় পালে বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে। বিধায়ক হুদাই খাদ্য সুৰক্ষা আইনৰ অধীনত ৮৪ শতাংশ লোকক কংগ্ৰেছে চাউল যোগান ধৰা বুলি উল্লেখ কৰি কয়, কংগ্ৰেছ শাসনলৈ আহিলে দেশৰ প্ৰতিজন দৰিদ্ৰ লোকক ন্যূনতম আয়ৰ ব্যৱস্থা কৰিব।

আজিৰ সভাখনত ৰূপহী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মল্লিকা আক্তাৰা বেগম, ৰূপহী জিলা পৰিষদ সদস্য ৰেজিয়া বেগম, নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদ, কংগ্ৰেছ নেতা আবুবক্কৰ ছিদ্দিক আদিকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। আনহাতে, আজি বিয়লি গড়াজান জিলা পৰিষদৰ অন্তৰগত উত্তৰ খাটোৱালত কংগ্ৰেছৰ আন এক কৰ্মীসভাত সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক হুদাৰ লগতে গড়াজান জিলা পৰিষদৰ  সদস্য ছেলিম জাভেদ অংশ লৈ আগন্তুক লোকসভা নিৰ্বাচনৰ উদ্দেশ্যে প্ৰচাৰ চলায়। এই সভাখনতো সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। 

Your Comments