ৰাজু আলীৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত গৌৰীপুৰত উত্তাল প্ৰতিবাদ

ৰাজু আলীৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত গৌৰীপুৰত উত্তাল প্ৰতিবাদ

গৌৰীপুৰৰ বগৰীবাৰীত উত্তাল প্ৰতিবাদ | আমছু, আৰ এম চিৰ নেতৃত্বত শ শ পুৰুষ-মহিলাই ঘেৰাও কৰে বগৰীবাৰী থানা | ৰাজু আলীৰ পৰিয়ালক ন্যায় প্ৰদান আৰু পৰ্বতঝোৰাৰ এছ ডি পি অ'ক নিলম্বনৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ |

উল্লেখ্য যে গৌৰীপুৰৰ খোৰাঘাটত যোৱা ২৪ জুনত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনাৰ | বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া (এছ ডি পি অ')ই সিদিনা চলাইছিল সন্ত্ৰাস | জুৱাখেলৰ নামত নিৰীহ লোকৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ এছ ডি পি অ'গৰাকীয়ে সন্ত্ৰাস সৃষ্টি কৰাত প্ৰাণৰক্ষাৰ বাবে টিপকাই নদীত জঁপিয়াইছিল শালবাৰী গাঁৱৰ ৰাজু আলীয়ে |

ৰাজু আলীৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত গৌৰীপুৰত উত্তাল প্ৰতিবাদ

ইয়াৰ পিছতে স্থানীয় ৰাইজ তথা বিভিন্ন সংগঠনে উত্তেজিত হৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল | অৱৰোধস্থলীত পৰ্বতঝোৰাৰ মহকুমাধিপতিগৰাকী উপস্থিত হৈ ৰাজু আলীৰ পৰিয়ালক ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰী আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে | কিন্তু আজি এটা সপ্তাহ উকলি যোৱাৰ পিছতো দৰিদ্ৰ ৰাজু আলীৰ পৰিয়ালক সাহায্য প্ৰদানৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে |

ৰাজু আলীৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত গৌৰীপুৰত উত্তাল প্ৰতিবাদ

সেয়ে দৰিদ্ৰ পৰিয়ালটোক পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এছ ডি পি অ'গৰাকীক নিলম্বনৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ২৮ জুলাইত এজাহাৰ দাখিলৰ পিছতো আজিলৈকে গোচৰ পঞ্জীয়ন নোহোৱাত আজি থানা ঘেৰাও কাৰ্যসূচীও ৰূপায়ণ কৰে | ইয়াৰ পিছতো প্ৰশাসনৰ গা নলৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰো দিয়ে আমছু আৰু আৰ এম চিৰ নেতৃবৃন্দই | পিছত সংগঠন দুটাৰ এটা সঁজাতী দলে ৰাজু আলীৰ পৰিয়ালক সাক্ষাৎ কৰি পৰিয়ালটোৰ অৱস্থাৰ বুজ লয় | 
 

Your Comments