গহপুৰৰ সাপ্তাহিক বজাৰত মহিলা চোৰৰ দল আটক 

gophur

গহপুৰৰ সাপ্তাহিক বজাৰত আজি আটক কৰা হয় এটা মহিলা চোৰৰ দলক। গহপুৰৰ দেওবৰীয়া সাপ্তাহিক বজাৰত বেদেতী ৰাংচালীৰ এগৰাকী মহিলাৰ পৰা আঠ হাজাৰ টকা লৈ পলাবলৈ ধৰোঁতেই হাতে-লোটে ধৰা পৰিল মহিলা চোৰৰ  দলটো। বৰ্তমান গহপুৰ আৰক্ষীৰ জিম্মাত আছে দলটো আৰু আৰক্ষীয়ে  সোধ -পোছ অব্যাহত ৰাখিছে। দলটোত কিশোৰী আৰু শিশুও আছিল। সাম্প্ৰতিক সময়ত গহপুৰৰ বিভিন্ন স্থানত চিলনী চোৰৰ সন্ত্ৰাস চলিছে।  কিছুদিন পূৰ্বে গহপুৰৰ ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাৰ পৰা চোৰে লুটি নিছিল ১লাখ ৭৮ হাজাৰ টকা।

Your Comments