বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বগাজুলি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত গণেশগুৰী গাঁওত আজি পুৱা উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও গাঁৱৰ লোকে নিজৰ খেতি-বাতি আৰু ঘৰ-দুৱাৰ সুৰক্ষাৰ বাবে সংযোগ কৰা বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰা বুলি সন্দেহ কৰা হৈছে।

ইতিমধ্যে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাঁচনীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল আৰু কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ পৰা যোৱা বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল গণেশগুৰীত উপস্থিত হৈ  তদন্ত আৰম্ভ কৰিছে। মৃত হাতীটো প্ৰত্যক্ষ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰিছে অঞ্চলটো।

একাংশ লোকে ফুল-তুলসী আৰু গামোচা আদি দি মৃত হাতীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। বিগত পোন্ধৰ বছৰত তামুলপুৰ মহকুমাত হাতীৰ আক্ৰমণত ৭০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও ৮ টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাব লগত পৰিছে।

Your Comments