কলিয়াবৰ জিলা অসম প্ৰিমিয়াৰ ক্লাব লীগত চেম্পিয়ন নিউ ষ্টাৰ ক্লাব

kaliabor_cri

কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ‍্যোগত আৰু কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত জিলা পৰ্যায়ৰ অসম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বীপৰ খিতাপ দখল কৰে নিউ ষ্টাৰ ক্লাবে। আজি নাগশংকৰস্থিত ডাঃ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত হোৱা ফাইনেল খেলত আমবাগান স্পৰ্টচ্‌ ক্লাবে টচত জিকি প্ৰথমে বেট ধৰি নিউ ষ্টাৰৰ আৰিফুল ইছলাম আৰু আকাশ বৰাৰ খুৰ ধাৰ বলিঙৰ সমুখত তিস্তিব নোৱাৰি ২৮ অভাৰতে সকলো উইকেট হেৰুৱাই ১২২ ৰাণ কৰিবলৈ সক্ষম হয়।

আমবাগানৰ হৈ প্ৰদ‍্যুৎ বনিক (৪২) আৰু পংকজ বনিক (২০)ৰ বাহিৰে কোনো এজন বেট্‌চমেন সফল হ'ব নোৱাৰিলে। নিউ ষ্টাৰৰ আৰুফুলে ২৫ ৰাণত চাৰিটা আৰু আকাশে ১৪ ৰাণত তিনিটা উইকেট দখল কৰি আমবাগানৰ ইনিংছ চমুৱাই আনে। নিউ ষ্টাৰ ক্লাবে ১২৩ ৰাণৰ তুলনামূলকভাবে সহজ লক্ষ‍্য আগত ৰাখি ইনিংছ মুকলি কৰি ৫.১ অভাৰত ২০ ৰাণ সংগ্ৰহ কৰোতেই আমবাগান স্পৰ্টচ্ ক্লাবৰ অখেলুৱৈ সুলভ আচৰণৰ বিৰুদ্ধে অভিযোগ তোলাত আম্পায়াৰে সতৰ্ক কৰি দিয়াত আমবাগান দলটোয়ে নেখেলাৰ সিদ্ধান্ত লৈ খেল পথাৰ ত‍্যাগ কৰে।

আম্পায়াৰদ্বয় গৌতম খাউণ্ড আৰু ছনী চাহে সন্থাৰ বিষয়-ববীয়াৰে আলোচনাত মিলিত হৈ নিউ ষ্টাৰ ক্লাবক বিজয়ী ঘোষণা কৰে। খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে চেম্পিয়ন দলটোক ট্ৰফী আৰু এক লাখ টকাৰ চেক প্ৰদান কৰে। উল্লেখযোগ্য যে কলিয়াবৰ জিলা চেম্পিয়ন নিউ ষ্টাৰে মধ‍্য মণ্ডলত খেলাৰ সুবিধা লাভ কৰিব। 

Your Comments