তামুলপুৰত দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ

তামুলপুৰত দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ

তামুলপুৰ মহকুমাত চলি আছে অবাধ বন ধংসযজ্ঞ ৷ সম্প্ৰতি বন বিভাগ আৰু সাধাৰণ প্ৰশাসনৰ চকুত ধূলি মাৰি একাংশ চোৰাং কাঠৰ বেপাৰীয়ে চলাই আছে ৰমৰমীয়া ব্যৱসায় ৷

তামুলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লতিবাৰীৰ মাজগাড়ী আৰু সৰু বালিহা গাঁৱত ২৪নং এছ এছ বি জোৱানৰ সহযোগত বন বিষয়া ফুকন চন্দ্ৰ ডেকাৰ নেতৃত্বত আৰু কৰ্মচাৰীসকলৰ সহযোগত আজি পুৱা এক অভিযান চলোৱা হয় ।

এই অভিযানত মাজগাড়ী আৰু সৰু বালিহা গাঁৱত থকা দুটি অবৈধ কাঠফলা মিল উচ্ছেদ কৰি সামগ্ৰীসমুহ জব্দ কৰে বন বিভাগে । জব্দকৃত মিলটোত মেচিন, জেনেৰেটৰসহ মূল্যৱান কাঠৰ কুণ্ডা আছিল ৷ এই সামগ্ৰীখিনিৰ মূল্য প্ৰায় তিনি লাখ টকা হ'ব বুলি বন বিভাগে জানিবলৈ দিছে ৷

Your Comments